বৰপেটাৰ দুই যুৱতীক নিৰ্মম অত্যাচাৰ কৰা ১১ যুৱকক আটক...

বৰপেটাৰ দুই যুৱতীক নিৰ্মম অত্যাচাৰ কৰা ১১ যুৱকক আটক...
বৰপেটাৰ দুই যুৱতীক নিৰ্মম অত্যাচাৰ কৰা ১১ যুৱকক আটক...

ডিজিটেল ডেস্কঃ বৰপেটাৰোডত সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনা সন্দৰ্ভত ১১ জন লোকক আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে ছানিদুল ইছলাম, বিল্লাল হুছেইন, আমীৰ হুছেইন, আলমগীৰ আলী, আক্কাছ আলী, ছাকিবুল হুছেইন, ছাদ্দাম হুছেইন, জাহিদুল ইছলাম, আবুল হুছেইন, আব্দুল লতিফ আৰু ৰাজু আহমেদ।

উল্লেখ্য যে বৰপেটাৰোডৰ ৰাষ্ট্রীয় ঘাইপথৰ বেঁকী নৈৰ দলঙৰ সমীপত মৰেল পুলিচিঙৰ এই ঘটনা সংঘটিত হৈছিল। ৰজপথতে নিৰ্যাতন চলাইছিল দুই যুৱতীক। এই ঘটনা দেওবাৰৰ বিয়লিৰ বুলি জানিব পৰা গৈছে। এখন ধাবাত অনৈতিক কাৰ্য চলোৱাৰ অভিযোগত দুয়োকে নিৰ্যাতন চলাইছিল একাংশ লোকে।

ৰাজপথতে বাঁহেৰে মৰিওৱাৰ উপৰিও ভৰি, হাতেৰে প্ৰহাৰ কৰি অকথ্য নিৰ্যাতন চলাইছিল দুই যুৱতীক। অৱশ্যে কেইজনমান যুৱকৰ তৎপৰতাত যুৱতী কেইগৰাকীৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

বৰপেটাৰ দুই যুৱতীক নিৰ্মম অত্যাচাৰ কৰা ১১ যুৱকক আটক...
প্ৰথমে 'ছাছা' আৰু আজি 'উদয়' : এমাহতে দুই চিতাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in