/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/d84fxe9e/ranjit-das-30.jpg)
বিশিষ্ট সাহিত্যিক সতীশ চন্দ্ৰ চৌধুৰীৰ বিয়োগত মন্ত্ৰী ৰণজিৎ দাসৰ শোক প্ৰকাশ
ডিজিটেল সংবাদ পাঠশালাঃ বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, প্ৰাক্তন উপ-সভাপতি, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাংবাদিক, অক্লান্ত সমাাজকৰ্মী, সাহিত্যিক পেঞ্চনাৰ সতীশ চন্দ্ৰ চৌধুৰীৰ বিয়োগত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গভীৰ শোক প্ৰকাশ কৰিছে। আজি এক শোক বাৰ্তাত মন্ত্ৰী দাসে কয় যে, জীৱন কালত প্ৰয়াত সতীশ চন্দ্ৰ চৌধুৰীয়ে ৰাজ্যখনৰ সাহিত্য, সংবাদ জগত তথা সমাজ জীৱনলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/rrdx4lg9/df7c80aa-0397-4537-b399-ee5b95cb2335.jpg)
প্ৰয়াত চৌধুৰীয়ে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, গুৱাহাটী কাৰ্যালয়ৰ সহকাৰী সম্পাদক, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি, অসম সাহিত্য সভাৰ উপ-সভাপতি হিচাপে সাহিত্য সভাক শক্তিশালী কৰাৰ দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে। এগৰাকী সাংবাদিক হিচাপেও তেখেতে কেইবাখনো কাকতত সংবাদদাতা হিচাপে অৰিহণা আগবঢ়াই গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-30/8w0bnivs/b795c534-4db6-4ee6-9c15-fe6b6382dde5.jpg)
তদুপৰি কেইবাখনো মূল্যৱান গ্রন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁড়াল তেখেতে চহকী কৰি গৈছে । এইগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজ কৰ্মীৰ বিয়োগ আমাৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্ত্ৰী দাসে কয়। মন্ত্ৰী দাসে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।
Also Read: জাগীৰোড মহাবিদ্যালয়ত আন্তৰ্জাতিক আলোচনা চক্ৰঃ গৱেষণা পত্ৰ আহ্বান...