কলগাছিয়াত নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰিল পুখুৰীত...

বৰপেটাৰ কলগাছিয়াত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰ বেগী যাত্ৰীবাছ বাগৰি পৰে পথৰ কাষৰ এটা পানী ভৰ্তি পুখুৰীত। 

author-image
Asomiya Pratidin
New Update
কলগাছিয়াত নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছ বাগৰিল পুখুৰীত...

ডিজিটেল ডেস্কঃ বৰপেটাৰ কলগাছিয়াত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰ বেগী যাত্ৰীবাছ বাগৰি পৰে পথৰ কাষৰ এটা পানী ভৰ্তি পুখুৰীত। 

Advertisment

জানিব পৰা মতে বাছখন পুৰুষ, মহিলা, শিশুসহ ভৰি আছিল। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাছখন বাগৰি পৰাৰ পিছতে স্থানীয় ৰাইজে অতি তৎপৰতাৰে বাছখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰে। 

তাৰপৰি আহত যাত্ৰীসকলক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে বাছখনৰ বহু কেইজন যাত্ৰী আহত হৈছে। 

ঘটনা সন্দৰ্ভত বাছখনৰ এজন যাত্ৰীয়ে কয়, তেওঁ দুটা শিশুৰ সৈতে বাছখনেৰে যাত্ৰা কৰিছিল। তাৰ মাজতেই হঠাই বাছখনে পথ এৰি পুখুৰীত সোমাই পৰে আৰু পানীৰ মাজত বাগৰি পৰে। 

যাত্ৰীগৰাকীয়ে জনোৱা মতে বাছখনৰ আসন সম্পূৰ্ণৰূপে ভৰি আছিল। স্থানীয় ৰাইজে অতি তৎপৰতাৰে তেওঁলোকক উদ্ধাৰ কৰে। আন এগৰাকী যাত্ৰীয়ে কয়, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত তেওঁ যেনেতেনে বাহিৰলৈ আহি উদ্ধাৰ অভিযানত নামি পৰে। 

আটাইকেইজন যাত্ৰীকে সুকলমে উদ্ধাৰ কৰা হৈছে বুলি তেওঁলোক আশ্বস্ত হৈছে যদিও পানীৰ তলত কোনোবা আছে নে নাই তাক লৈ কিছু সন্দেহ ৰৈ গৈছে। সেয়ে বাছখন পানীৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ পিছতহে সকলো স্পষ্ট হ’ব। 

যাত্ৰীগৰাকীয়ে জনোৱা মতে বাছখনত তেওঁৰ বহু সামগ্ৰী আছিল যি সম্পূৰ্ণৰূপে নষ্ট হৈছে। 

পথ দুৰ্ঘটনা কলগাছিয়া