সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

ডিজিটেল সংবাদ, বৰপেটা: বৰপেটা ৰোডৰ জ্যেষ্ঠ সাংবাদিক তথা "বৰপেটা এক্সপ্ৰেছ"ৰ এডমিন, বৰপেটা জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ দাসৰ ২ ছেপ্টেম্বৰ পুৱা ১০ বজাত মৃত্যু হয়। দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়তে ইহলীলা সম্বৰণ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

Advertisment

তেখেতৰ মৃত্যুত সংবাদ মহলৰ লগতে সমগ্ৰ বৰপেটা জিলাখনতেই গভীৰ শোকৰ ছাঁ পৰিছে। সাংবাদিক জয়ন্ত কুমাৰ দাসৰ মৃত্যুত হাউলীৰ প্ৰাক্তন সাংবাদিক তথা আমাৰ দেশ কাকতৰ প্ৰাক্তন সহ-সম্পাদক যুগান্ত বায়নে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দাসৰ মৃত্যু অসমৰ সংবাদ জগতৰ লগতে বিশেষকৈ সমগ্ৰ বৰপেটা জিলাৰ সংবাদ জগতৰ এক অপুৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। দাসৰ মৃত্যুত অসম বিধান সভাৰ প্ৰাক্তন প্ৰধান সচিব হেমেন দাসেও গভীৰ শোক প্ৰকাশ কৰিছে।

barpeta news