জীতেন্দ্ৰনাথ প্ৰধানী লৈ সুন্দৰীদিয়া সত্ৰৰ "মাধৱদেৱ বঁটা"

জীতেন্দ্ৰনাথ প্ৰধানী লৈ সুন্দৰীদিয়া সত্ৰৰ "মাধৱদেৱ বঁটা"

ডিজিটেল সংবাদ, বৰপেটাঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰই ২০১৭ চনৰ পৰা গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষ্যে প্ৰদান কৰি অহা "মাধৱদেৱ বঁটা" ২০২৩-২৪ বৰ্ষৰ বাবে অসমৰ এগৰাকী বিশিষ্ট সত্ৰীয়া গৱেষক সাধক পণ্ডিত জীতেন্দ্ৰনাথ প্ৰধানীক প্ৰদান কৰিবলৈ সুন্দৰীদিয়া সত্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰ আৰু প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মাধৱদেৱ বঁটা লাভ কৰা অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰনাথ প্ৰধানীক অভিনন্দন জনাই প্ৰকাশ কৰা এক বিবৃতিত কয় যে, যোৱা ২২ এপ্ৰিলত সত্ৰ চৌহদত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সত্ৰ সমিতিৰ এখন সাধাৰণ সভাত সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে জীতেন্দ্ৰনাথ প্ৰধানীক "মাধৱদেৱ বঁটা"ৰে সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।অহা ১০ জেঠ (২৪মে')ত অনুষ্ঠিত হ'বলগীয়া মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথিত বিশিষ্ট গৱেষকগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব।

উল্লেখযোগ্য যে, জীতেন্দ্ৰনাথ প্ৰধানীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে, বিশেষকৈ পশ্চিম অসম আৰু উত্তৰবংগৰ কোচবিহাৰ, তুফানগঞ্জ, হৰিপুৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি আদি অঞ্চলসমূহৰ ৰাইজৰ মাজত একশৰণ নামধৰ্মৰ লগতে গুৰুদুজনাৰ অমূল্য অৱদান সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উপৰিও এইসমূহ অঞ্চলত সত্ৰ, নামঘৰ আদি নিজস্ব প্ৰচেষ্টাৰে প্ৰতিষ্ঠা কৰি অসমৰ বৰ্ণিল আৰু চহকী সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা অব্যাহত ৰখাৰ ক্ষেত্ৰত অহৰহভাৱে আত্মনিয়োগ কৰি আহিছে। গৱেষকগৰাকীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ উপৰিও ভাৰত-বাংলাদেশ সীমান্তৰ পাৰ্শ্বৱৰ্তী অঞ্চলটো সত্ৰীয়া সংস্কৃতিক প্ৰচাৰ কৰি গুৰুদুজনাক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়টো প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

গুৱাহাটী বিশ্ববিদ্যায়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জীতেন্দ্ৰনাথ প্ৰধানী অসম চৰকাৰৰ সাংস্কৃতিক বিষয়া হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে যদিও সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ তাড়নাত ১৯৯০ চনত সাংস্কৃতিক বিষয়াৰ পৰা অব্যাহতি লৈ সত্ৰশাল উচ্চমাধ্যমিক বিদ্যালয়ত সংস্কৃতৰ শিক্ষক হিচাপে যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ সত্ৰশাল, ৰামৰায়কুটি সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি গুৰুদুজনাৰ আদৰ্শ আৰু দৰ্শনক অধিক জনমুখী কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈও অগ্ৰণী ভূমিকা পালন কৰি আছে।

প্ৰধানীয়ে ২০১৫ চনৰ পৰা অসম সত্ৰ মহাসভাৰ সভাপতি আৰু ২০১৯ চনৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰা অতুলনীয় পদক্ষেপ অসমৰ জাতীয় জীৱনৰ বাবে এক আদৰ্শ হৈ ৰ'ব। প্ৰধানীয়ে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱন পৰিক্ৰমাৰ ওপৰত সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থ সংগীত নাটক অকাডেমীয়ে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

সুন্দৰীদিয়া সত্ৰই ইতিমধ্যে ২০১৭-১৮ বৰ্ষত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত হৰেকৃষ্ণ মহন্ত, ২০১৯-২০ বৰ্ষত ওদালগুৰিৰ দেৱৰাজ সাপকাটা আৰু ২০২১-২২ বৰ্ষত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া প্ৰয়াত বশিষ্ঠদেৱ শৰ্মাক এই বঁটাৰে বিভূষিত কৰিছে।

জীতেন্দ্ৰনাথ প্ৰধানী লৈ সুন্দৰীদিয়া সত্ৰৰ "মাধৱদেৱ বঁটা"
উৎকট গৰমঃ ত্ৰিপুৰাত ৪দিনৰ বাবে বিদ্যালয় বন্ধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in