জীতেন্দ্ৰনাথ প্ৰধানী লৈ সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা...

জীতেন্দ্ৰনাথ প্ৰধানী লৈ সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা...

ডিজিটেল সংবাদ,বৰপেটাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠ আৰু অন্যতম প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে ১৫৭০ চনত সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল। এই সুন্দৰীদিয়া সত্ৰ অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ অন্তৰ্গত নিকা সংহতিৰ অন্যতম এক পীঠস্থান।

ঐতিহাসিক সুন্দৰীদিয়া সত্ৰই ২০১৭ চনৰ পৰা সত্ৰীয়া কৃষ্টি-সংস্কৃতি আৰু গুৰুদুজনাৰ আদৰ্শ আৰু মতবাদক বহুল প্ৰচাৰৰ বাবে আত্মনিয়োগ কৰা অসমৰ বিশিষ্ট সত্ৰীয়া গৱেষক পণ্ডিতসকলক এই অমূল্য বঁটা প্ৰদান কৰি আহিছে।

চলিত বৰ্ষৰ বাবে মাধৱদেৱ বঁটা সত্ৰশাল (ধুবুৰী)ৰ ৰামৰায়কুঠি সত্ৰৰ সত্ৰাধিকাৰ আৰু অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰনাথ প্ৰধানীক প্ৰদান কৰিবলৈ সুন্দৰীদিয়া সত্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে।

সুন্দৰীদিয়া সত্ৰৰ এনে কাৰ্য্যই অসমৰ অনন্য সত্ৰীয়া তথা শংকৰী কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত জীতেন্দ্ৰনাথ প্ৰধানীয়ে যোৱা ৬টা দশক ধৰি যি অৱদান আগবঢ়াই আহিছে তাৰ বাবে প্ৰধানী লৈ এই বিৰল স্বীকৃতি প্ৰদান কৰা কাৰ্য্যই সকলো ধৰ্মপ্ৰাণ লোকক আনন্দিত কৰাৰ লগতে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সেৱা আগবঢ়াবলৈ উৎসাহিত কৰিব।

জীতেন্দ্ৰনাথ প্ৰধানীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ পশ্চিম অসম আৰু উত্তৰবংগৰ কোচবিহাৰ, তুফানগঞ্জ, হৰিপুৰ, আলিপুৰদুৱাৰ, জলপাইগুৰিত একশৰণ নামধৰ্মৰ লগতে সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে। ইয়াৰ উপৰিও এইসমূহ অঞ্চলত সত্ৰ, নামঘৰ আদি নিজস্ব প্ৰচেষ্টাৰে প্ৰতিষ্ঠা কৰি অসমৰ বৰ্ণিল আৰু চহকী সত্ৰীয়া সংস্কৃতিৰ বিশ্বমুখী যাত্ৰা অব্যাহত ৰখাৰ চেষ্টা কৰিছে।

গৱেষকগৰাকীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ উপৰিও ভাৰত-বাংলাদেশ সীমান্তৰ পাৰ্শ্বৱৰ্তী অঞ্চলটো সত্ৰীয়া সংস্কৃতিক প্ৰচাৰ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা জীতেন্দ্ৰনাথ প্ৰধানী অসম চৰকাৰৰ সাংস্কৃতিক বিষয়া হিচাপে কৰ্ম জীৱন আৰম্ভ কৰে।

যদিও সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ তাড়নাত ১৯৯০ চনত সাংস্কৃতিক বিষয়াৰ পৰা অব্যাহতি লৈ সত্ৰশাল উচ্চ মাধ্যমিক বিদ্যালয়ত সংস্কৃতৰ শিক্ষক হিচাপে যোগদান কৰে। তেতিয়াৰ পৰাই তেওঁ সত্ৰশাল, ৰামৰায়কুটি সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰি গুৰু দুজনাৰ আদৰ্শ আৰু দৰ্শনক অধিক জনমুখী কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈও অগ্ৰণী ভূমিকা পালন কৰি আছে।

প্ৰধানীয়ে ২০১৫ চনৰ পৰা অসম সত্ৰ মহাসভাৰ সভাপতি আৰু ২০১৯ চনৰ পৰা কোচবিহাৰৰ মধুপুৰ সত্ৰ সমিতিৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে গ্ৰহণ কৰা অতুলনীয় পদক্ষেপ অসমৰ জাতীয় জীৱনৰ বাবে এক আদৰ্শ হৈ ৰ'ব।

প্ৰধানীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰ ওপৰত সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থ সংগীত নাটক অকাডেমীয়ে প্ৰকাশ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সুন্দৰীদিয়া সত্ৰই ইতিমধ্যে ২০১৭-১৮ বৰ্ষত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত হৰেকৃষ্ণ মহন্ত, ২০১৯-২০ বৰ্ষত ওদালগুৰিৰ দেৱৰাজ সাপকাটা আৰু ২০২১-২২ বৰ্ষত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া প্ৰয়াত বশিষ্ঠদেৱ শৰ্মাক এই বঁটাৰে বিভূষিত কৰিছে।

প্ৰণিধানযোগ্য যে, সুন্দৰীদিয়া সত্ৰই প্ৰদান কৰা এই বঁটাত আছে নগদ ২১ হাজাৰ টকা, এখন মানপত্ৰ, চেলেং চাদৰ, ফুলাম গামোচা আৰু সত্ৰীয়া পাগ।

জীতেন্দ্ৰনাথ প্ৰধানী লৈ সুন্দৰীদিয়া সত্ৰৰ মাধৱদেৱ বঁটা...
গুৱাহাটী বিশ্ববিদ্যালয়ত সপ্তক সংগীত গোষ্ঠী উদ্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in