হাউলী আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

হাউলী আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

author-image
Asomiya Pratidin
New Update
হাউলী আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ এজনক আটক

ডিজিটেল সংবাদ, চেঙা : নিচাযুক্ত দ্ৰব্যসহ সৰবাৰাকাৰীক আটক কৰি হাউলী আৰক্ষীয়ে লাভ কৰিছে সফলতা। সোমবাৰে গোপন খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত মৈৰা মাৰাত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলায়।

Advertisment

এই অভিযানত দুটা চাবোনৰ বাকচ পৰা ১৯.৪৫ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। লগতে এজন সৰবাৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকীৰজনৰ নাম ইব্ৰাহিম আলি বুলি জানিব পৰা গৈছে।

তেঁওৰ ঘৰ হৈছে হাউলী মৈৰা মাৰাত। ধৃত ইব্ৰাহিমৰ পৰা আৰক্ষীয়ে এটি মোবাইল ফোন আৰু নগদ ২২,৫০০ টকাও জব্দ কৰে। ইতিমধ্যে সৰবৰাকাৰীজনৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে উক্ত অভিযানটিত নেতৃত্ব দিছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে। সহযোগ কৰিছিল উপ পৰিদৰ্শক ক্ৰমে দেৱাশিষ কাশ্যপ, ডাইনা এলবাম বৰুৱা, ডিকি তালুকদাৰসহ এটি আৰক্ষীৰ দলে।

Also Read: ভূপেন হাজৰিকা বিহীন ১৩টা বছৰ : বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ আজি মৃত্যুবাৰ্ষিকী

Howli police Assam police