বজালীৰ বৰনলীকুছিৰ কাপলাত মডেল অংগণবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন

বজালীৰ বৰনলীকুছিৰ কাপলাত মডেল অংগণবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
বজালীৰ বৰনলীকুছিৰ কাপলাত মডেল অংগণবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ প্ৰতিবেদনঃ বজালী জিলাৰ বৰনলীকু্ছি গাঁওৰ ৰাইজৰ এক বহুদিনীয়া অভাৱ পূৰণ হোৱাৰ দিশে। আজি জিলাখনৰ আয়ুক্ত পীংকি দেৱ নাথে অসম চৰকাৰৰ অভিলাসী আঁচনি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

অঞ্চলটোৰ কণ কণ শিশুসকলৰ উপযুক্ত শিক্ষাৰ সুবিধাৰ্থে কপলা গাঁওৰ মন্দিৰ প্ৰাংগনত এই আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰি আয়ুক্ত পীংকি দেৱ নাথে চৰকাৰৰ অভিলাসী আচঁনিসমূহ নিকা আৰু স্বচ্ছভাবে সম্পূৰ্ণ কৰাৰ বাবে সকলোকে আহ্বান জনায়। লগতে সাধৰণ ৰাইজকো এই সমূহৰ উচিত ব্যবহাৰ কৰাৰ বাবে আহ্বান জনায়। তেওঁ এই অংগণবাড়ী কেন্দ্ৰৰ গৃহটো ভালকৈ চোৱা চিতা কৰিবলৈও ৰাইজক আহ্বান জনায়।

এই অনুষ্ঠানতে গাঁওবাসীয়ে ৰাইজৰ বহুদিনীয়া অভাৱ দূৰ কৰাৰ বাবে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জনায়।এই অনুষ্ঠানত চৌখুটী উন্নয়ন খণ্ডৰ অভিযন্তা খাৱেদ হুচেইন, গ্ৰামসেৱক গগণ দাস,সমাজ কল্যাণ বিভাগৰ জিলা কনছালটেণ্ট ৰাজীৱ লহকৰ,কপলা গাঁওৰ উপ-সভাপতি ধীৰাজ দাস,বৰনলীকুছি পঞ্চায়তৰ সদস্য জ্যোতিষ শীলৰ লগতে গাঁওখনৰ স্থানীয় ৰাইজসকল উপস্থিত থাকে।

বজালীৰ বৰনলীকুছিৰ কাপলাত মডেল অংগণবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
ঢকুৱাখনাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাটমুগা বস্ত্ৰ উদ্যোগৰ শুভ উদ্বোধনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in