/asomiyapratidin/media/media_files/2025/05/02/WcC1paB7hODSIniUyvgW.jpg)
ডিজিটেল সংবাদ পাটাছাৰকুছিঃ অহা ৭ মেত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসে বজালী জিলাত ভোট গ্ৰহণৰ আগৰ ৪৮ ঘন্টাক "সুৰামুক্ত দিন" হিচাপে ঘোষণা কৰিছে।
উক্ত আদেশ অনুসৰি ৫ মে’ ২০২৫ৰ বিয়লি ৪:৩০ বজাৰ পৰা ৭ মে’ৰ বিয়লি ৪:৩০ বজালৈকে বজালী জিলাখন সুৰামুক্ত হিচাপে গণ্য কৰা হৈছে। তদুপৰি ১১ মে’ ২০২৫ ৰ, ভোট গণনাৰ বাবে নিৰ্ধাৰণ কৰা দিনটোকো সুৰামুক্ত দিন হিচাপে ঘোষণা কৰা হৈছে।
পুনৰ ভোটগ্ৰহণৰ পৰিস্থিতিৰ সৃ্ষ্টি হ’লে ৯ মে’ ২০২৫ তাৰিখটোক অতিৰিক্তভাৱে সুৰামুক্ত দিন হিচাপে গণ্য কৰা হ’ব বুলিও আদেশটোত প্ৰকাশ।
এই দিনবোৰত সমগ্ৰ জিলাখনত সুৰা বা যিকোনো মাদক দ্ৰব্য বিক্ৰী, ৰখা, বিতৰণ, আৰু মজুত কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সকলো সুৰাৰ বিপণী—আই এম এফ এলৰ খুচুৰা “অফ” আৰু “অন” দোকান, বিয়েৰৰ দোকান, কান্ট্ৰী স্পিৰিটৰ দোকান, ক্লাব, হোটেল, টেভাৰ্ণ, আৰু এনে অন্যান্য প্ৰতিষ্ঠানকে ধৰি সকলো বন্ধ থাকিব।
ব্যক্তিৰ দ্বাৰা সুৰাৰ মজুতকৰণো কৰ্তন কৰা হ’ব আৰু যিকোনো অনুজ্ঞাপত্ৰবিহীন মজুত বা বিক্ৰীৰ সৈতে অসম আবকাৰী আইন আৰু নিৰ্বাচন বিধিৰ প্ৰাসংগিক বিধানৰ অধীনত কঠোৰভাৱে মোকাবিলা কৰা হ’ব।
বজালী জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে আইন-শৃংখলা বজাই ৰখাৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ঘোষণা জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ১৩৫(গ) আৰু অসম আবকাৰী বিধি, ২০১৬ (সংশোধিত)ৰ নিয়ম ৩২৬(ক)ৰ অধীনত প্ৰদান কৰা ক্ষমতা অনুসৰি কৰা হৈছে।