হেলিকপ্টাৰ উৰুৱাই বৰপেটাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

হেলিকপ্টাৰ উৰুৱাই বৰপেটাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

author-image
Asomiya Pratidin
New Update
হেলিকপ্টাৰ উৰুৱাই বৰপেটাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,বৰপেটাঃ সৰভোগৰ বগুৰীগুৰিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা। হেলিকপ্টাৰেৰে সভাত উপস্থিত হয় দলৰ বাঘা বাঘা নেতাসকল ক্ৰমে ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক নাজিম জাবেদ,বিধায়ক জাকিৰ হুছেইন শিকদাৰ,বিধায়ক আব্দুৰ ৰহিম আহমেদ। এই সভাত প্ৰায় ২০ হাজাৰ মানুহ উপস্থিত হোৱা বুলি জানিব দিয়ে কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নে।

Advertisment

আনহাতে উক্ত নিৰ্বাচনী সভা সামৰি সৰভোগত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমালোচনা কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী দ্বীপ বায়নে। লগতে কয় যে, তেওঁ মুখ্যমন্ত্ৰীৰ মাতৃৰ ওচৰত সেৱা লোৱা কাৰ্য বিতৰ্কত পৰিণত হৈছে যদিও এই বিষয়লৈ বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। এইবাৰ সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলক আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে দ্বীপ বায়নে জয়লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে।

Also Read: ৯৫.১৭ শতাংশ নম্বৰেৰে বৰহোলালৈ গৌৰৱ কঢ়িয়ালে কস্তুৰী শইকীয়াই

congress campaign LOKSABHA 2024 jakir hussain sikdar barpeta election2024