/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/ab3fe2fc-ecdf-469a-8016-362df59440db/BARPETA_21.jpg)
দালালৰ অবাধ বিচৰণ বৰপেটা কেন্সাৰ হাস্পতালত।
বৃহস্পতিবাৰে হাস্পতালখনৰ পৰা আটক কৰা হয় এটা দালালক।
ধৃত দালালটোৰ নাম অমৰজ্যোতি মুদিয়াৰ।
দালাল অমৰজ্যোতি মুদিয়াৰৰ ঘৰ নলবাৰী জিলাৰ বেলশৰত।
অস্ত্ৰোপচাৰৰ নামত ৰোগীৰ অভিভাৱকক দাবী কৰিছিল ধন।
১ লাখ ৩৪ হাজাৰ টকা দাবী কৰিছিল দালাল অমৰজ্যোতি মুদিয়াৰে।
দাবী কৰাৰ ধনৰ ৫ হাজাৰ টকা লওঁতেই হাতে-লোটে জালত পৰে দালালটো।
পূৰ্বে গুগ'ল পে'ৰ যোগে ধন আদায় লৈছিল অমৰজ্যোতি মুদিয়াৰে।
Also Read: বিনা বাধাই ৰাজ্যসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক...