/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/31f4e85e-64ee-4490-8f35-5e40032a976a/senga.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত উজনিৰ পৰা নামনিলৈ অব্যাহত আছে বানৰ তাণ্ডৱ । নামনি অসমৰ বৰপেটাৰ চেঙাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । নতুনকৈ বানৰ কৱলত পৰিছে জিলাখনৰ কেইবাখনো গাঁও । চেঙাত বাঢ়নী পানীয়ে উটুৱাই নিলে কালভাৰ্ট ।
চেঙা–গণকপাৰা শিৱ মন্দিৰৰ সমীপত আছিল বানে উটুৱাই নিয়া কালভাৰ্টটো । কালভাৰ্টটো বানে উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁৱৰ মাজত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ।
শুকুৰবাৰে চেঙাৰ বিধায়ক আশ্রাফুল হুছেইনে পৰিদৰ্শন কৰে বান বিধস্ত অঞ্চলটো । বিকল্প পথৰ ব্যৱস্থা কৰাৰ আশ্বাস বিধায়কগৰাকীৰ ।
Also Read: শাওন মাহটো কোন ৰাশিৰ লোকৰ বাবে কেনে হ’ব জানি লওঁক