'অসমৰ মিঞা মানুহখিনি ৰাজনৈতিক ভাৱে জধামুৰ্খ ! অসমত বিদেশী নাই বুলি চৰকাৰেও জানে'

'অসমৰ মিঞা মানুহখিনি ৰাজনৈতিক ভাৱে জধামুৰ্খ ! অসমত বিদেশী নাই বুলি চৰকাৰেও জানে'
'অসমৰ মিঞা মানুহখিনি ৰাজনৈতিক ভাৱে জধামুৰ্খ ! অসমত বিদেশী নাই বুলি চৰকাৰেও জানে'

ডিজিটেল ডেস্কঃ অসমৰ মিঞা মানুহখিনি পৃথিৱীৰ ভিতৰতে জধামুৰ্খ। মিঞা মুছলমান সমাজক উচ্ছেদৰ নামত যন্ত্ৰণা দিয়া হৈছে। এই মানুহখিনিক যন্ত্ৰণা ঠিকেই দিছে কিন্তু একো কৰিব পৰা নাই। অসমত বিদেশী নাই। চৰকাৰেও এই কথা জানে কিন্তু ৰাজনৈতিক কাৰণতে মানুহখিনিক যন্ত্ৰণা দি অহা হৈছে।

ই বিস্ফোৰক মন্তব্য বাঘবৰৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ। এখন জনসভা সম্বোধন কৰি এই বিতৰ্কিত আৰু বিস্ফোৰক মন্তব্য কৰিছে শ্বেৰমানে। সভাখনত ভাষণ প্ৰসংগত শ্বেৰমানে কয়, অসমৰ মিঞা মানুহবোৰ ৰাজনৈতিক ভাৱে সক্ৰিয় ঠিকেই কিন্তু একে সময়তে কুৎসা ৰচনা কৰাত ওস্তাদ। চাহ দোকানত বহি ৩৬৫ দিনে আলোচনা কৰিব কিন্তু ভোট দিয়াৰ সময়ত বিবেকক সুধি ভোট দিব নোৱাৰে।

বেছি ভাগে মানুহে ৩৬৫ দিন, ৫ বছৰে এটা দল কৰি আছে কিন্তু নিৰ্বাচনৰ আগত বেলেগ এজন প্ৰাৰ্থীয়ে আহি পইচা দিলে, বিভিন্ন প্ৰলোভন দিলে ৫ বছৰীয়া আদৰ্শ, দৰ্শন পাহৰি যায়। সেয়ে তেওঁ অসমৰ মিঞা মানুহবোৰক ৰাজনৈতিক ভাৱে পৃথিৱীৰ ভিতৰতে জধামুৰ্খ বুলি অভিহিত কৰিছে।

তেওঁ কয়, যোৱা ৭ টা বছৰত বিজেপি চৰকাৰৰ অধীনত অসমৰ মিঞা মানুহখিনিৰ ওপৰত নতুনকৈ যন্ত্ৰণা দিয়াৰ অপচেষ্টা চলিছে। যেন মিঞা মুছলমানখিনি এই দেশৰ নাগৰিকেই নহয়। মিঞা মুছলমানখিনিৰ ইয়াত কোনো অধিকাৰেই নাই।

তেওঁৰ মতে বিভিন্ন কটু কথা কৈ মানুহখিনিৰ মনত দুখ দিয়া হৈছে। উচ্ছেদৰ নামত মানুহখিনিক গৃহহীন কৰা হৈছে। তেওঁ কয়, আমাৰ প্ৰত্যেকজন মানুহে মনত এটা ঘাঁহ লৈ দিন পাৰ কৰিছে। সকলোৰে মনত আছে উদ্বিগ্নতা। ম্যানমাৰৰ দৰে সমস্যাৰ সৃষ্টি হোৱাৰ উদ্বিগ্নতাৰে দিন পাৰ কৰিছে। তেওঁৰ মতে মিঞা মানুহখিনিক যন্ত্ৰণা দিছে ঠিকেই কিন্তু তাৰ বাদে বিশেষ একো কৰিব নোৱাৰে।

শ্বেৰমান আলী আহমেদৰ মতে অসমত বিদেশী নাই। যদি বিদেশী থাকিলে হয় তেন্তে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰে বাংলাদেশৰ লগত বিদেশী প্ৰত্যাৱৰ্তনৰ চুক্তি কৰিলে হয়। বাংলাদেশ এখন সৰু দেশ ভাৰতে যি কয় তাকেই শুনিব। তেওঁলোকেও জানে বিদেশী নাই। কিন্তু ৰাজনৈতিক স্বাৰ্থতে মানুহখিনিক সদায় যন্ত্ৰণা দি অহা হৈছে।

তেওঁ কয় ৬০ ৰ দশকত হাজাৰ হাজাৰ মানুহক ট্ৰাকত ভৰ্তি কৰি সীমান্ত পাৰ কৰি দিয়া হৈছিল। ১৯৭৯ চনৰ পৰা যি অসম আন্দোলন হৈছিল সেই আন্দোলনৰো মূল টাৰ্গেত আছিল মিঞা মুছলমান সমাজ। যাৰ বাবে অসম আন্দোলনৰ সময়ত বিভিন্ন ঠাইত হিংসাত্মক ঘটনাত হাজাৰ হাজাৰ মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছিল ।

'অসমৰ মিঞা মানুহখিনি ৰাজনৈতিক ভাৱে জধামুৰ্খ ! অসমত বিদেশী নাই বুলি চৰকাৰেও জানে'
নাকত তেল লগাই শুইছে কৃষি বিভাগে ! সৰিয়হ, আলু খেতি খাই তহিলং কৰিছে পোকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in