/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/fed13239-db67-4a65-8c72-0e15345ce570/hhg.jpg)
ডিজিটেলসংবাদ, দৌলাশাল: ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পমাধ্যম। এই গণ মাধ্যমটোৰ জৰিয়তে বৰ্তমান সমাজ সংস্কাৰক বাৰ্তাৰ পৰিৱৰ্তে অশুভ বাৰ্তাহে প্ৰচাৰ কৰি থকাৰ অভিযোগ তুলি ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফ'ৰাম, অসমৰ সভাপতি আৰু সম্পাদক স্বাক্ষৰিত এক প্ৰেছ বিবৃতি যোগে দৰ্শকলৈ কিছু আহ্বান জনাইছে।
বিবৃতিটোত কোৱা হৈছে যে জনপ্ৰিয়তা আৰু প্ৰভাৱশালিতাই শিল্পৰ সামাজিক দায়বদ্ধতা হ্ৰাস নকৰে, বৰঞ্চ বৃদ্ধিহে কৰে। তদুপৰি অসমৰ দৰে সামাজিক পৰিবেশত জনসাধাৰণক ব্যাপকভাৱে প্ৰভাৱিত কৰা এনে শিল্পমাধ্যমৰ দায়বদ্ধতা আৰু বৃদ্ধি পায়। কিন্তু বৰ্তমান ভ্ৰাম্যমাণে স্পষ্টকৈ সেই দায়বদ্ধতাক উলাই কৰিছে। দুই-এক ব্যতিক্ৰম নিশ্চয়কৈ থাকিব পাৰে, কিন্তু সাধাৰণভাৱে ক’বলৈ গ’লে, ভ্ৰাম্যমাণ থিয়েটাৰৰ ধাৰাটো সম্প্ৰতি মনোৰঞ্জনসৰ্বস্ব হৈ বলিউডৰ ফৰ্মুলা ফিল্ম, মেজিক, চাৰ্কাছ আদিৰ এক উদ্ভট মিশ্ৰণলৈ পৰ্যবসিত হৈছে ৷ ইয়াক একেষাৰে ভ্ৰাম্যমাণৰ অশুভ প্ৰৱণতা বুলি ক’ব পাৰি।
১৯৬৩ চনত গঠিত হোৱা নটৰাজ থিয়েটাৰৰ পাছত আৰু কেইবাটাও ভ্ৰাম্যমাণ থিয়েটাৰৰ দল গঠন হৈছে। ইয়াৰে বেছি ভাগেই সময়ৰ সোঁতত বিলুপ্ত হৈছে। বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা সমাজ সংস্কাৰক বাৰ্তাৰ পৰিবৰ্তে সামাজিক সাংস্কৃতিক সম্পৰ্কীয় অশুভ বাৰ্তাৰ প্ৰচাৰ কৰা যেন অনুভৱ হৈছে। ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফ'ৰাম, অসমৰ সভাপতি অতুল মজুমদাৰ আৰু সম্পাদক প্ৰণৱ জ্যোতি বৰ্মনে বিবৃতিটোত উল্লেখ কৰে যে, চলিত নাট্যবৰ্ষত নাট প্ৰদৰ্শন কৰা একাংশ ভ্ৰাম্যমাণ নাট্যদলে যৌনগন্ধী চাৰ্কাছ সদৃশ নৃত্য গীত পৰিবেশনেৰে ৰেম্পত উঠি প্ৰেক্ষাগৃহৰ মাজলৈ গৈ নতুবা মিউজিকৰ ওচৰৰে ৰেম্পত গৈ নৃত্য গীত পৰিৱেশন কৰি নাটকৰ প্ৰকৃত সৌন্দৰ্য অৱনমিত কৰিবলৈ লোৱা কাৰ্য্য গৰিহণাৰ যোগ্য।
লগতে কয় যে, নটৰাজ থিয়েটাৰৰ স্ৰষ্টা মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰদেৱৰ নীতি আদৰ্শৰ পৰিপন্থী এনেধৰণৰ অপ্ৰয়োজনীয় নৃত্য-গীত, মাৰপিটৰ দৃশ্য আদিৰ অৱতৰণাৰে চলোৱা সস্তীয়া বহুৱালিৰ বিৰুদ্ধে তীব্ৰ গণক্ষোভ প্ৰকাশ কৰিবলৈ সৰ্বসাধাৰণ দৰ্শক আৰু আহ্বায়ক কমিটিসমূহক ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফ'ৰামে বিবৃতিত জনায়। সামাজিক সাংস্কৃতিক দায়বদ্ধতাৰ স্বাৰ্থত পৰিৱৰ্তনৰ নামত তৰল মনোৰঞ্জনৰ পোষকতা কৰি ভ্ৰাম্যমাণত অনুপ্ৰৱেশ কৰা অপশক্তিৰ বিৰুদ্ধে ভ্ৰাম্যমাণ থিয়েটাৰ দৰ্শক ফ'ৰাম অসমে সদায়েই মাত মাতি আহিছে আৰু মাতি যাব।
লগতে কয় যে, যৌনগন্ধী চাৰ্কাছ সদৃশ নৃত্য গীতৰ সমাহাৰ থকা নাটক ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰচাৰৰ সময়ত সপৰিয়ালে উপভোগ কৰিব পাৰে বুলি উচ্চস্বৰত কোৱা কথাষাৰ অৰ্থহীন। নাটক পৰিয়ালৰ আটাইয়ে একেলগে উপভোগ কৰিব পৰা হ'লে সমাজ তথা পৰিয়ালত সুস্থ প্ৰভাৱ পেলাব পাৰিব বুলি উল্লেখ কৰে দৰ্শক ফ'ৰাম , অসমে।