/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/77a5bb76-8405-4177-97bc-8057d2284f1d/g.jpg)
ডিজিটেল সংবাদ, বজালীঃ বজালীৰ ভবানীপুৰত চলি থকা লক্ষ্মী পূজা থলীত এটা পৰিয়ালৰ ঘৰৰ আগত সাধাৰণ বাইক এখন পাৰ্কিং কৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় কুৰুক্ষেত্ৰ ৰণ। যাৰ পৰিণতিত ৩গৰাকী আৰক্ষী আক্ৰমণৰ বলী হোৱাৰ বিপৰীতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ২জন অভিযুক্ত।
ভৱানীপুৰত চলি থকা ৭ দিনীয়া লক্ষ্মী পূজাৰ চতুৰ্থ দিনটোত মঙলবাৰে নিশা পূজা চাবলৈ আহিছিল এটা বেঙ্কৰ ২জন কৰ্মচাৰী। দুয়ো বাইকখন পাৰ্কিং কৰিছিল পূজা থলীৰ সন্মুখৰ পথত এখন দোকানৰ আগত। ইয়াকে কেন্দ্ৰ কৰি স্থানীয় ব্যৱসায়ী জন বেংকৰ কৰ্মচাৰী অনিৰ্বাণ কলিতাৰ সৈতে বাকযুদ্ধত লিপ্ত হয়। আৰু কিছু সময় পিছত ব্যৱসায়ী জনৰ পৰিয়ালৰ লোকৰ আক্ৰমণৰ বলী হয় বেংকৰ কৰ্মচাৰী দুজন।
উক্ত আক্ৰমণৰ ঘটনাৰ পিছতে ঘটনাথলীত উপস্থিত হয় আয়োজক সমিতিৰ লোক আৰু আৰক্ষীৰ এটা দল। উত্তেজিত মুহূৰ্ততে ভবানীপুৰ আৰক্ষীৰ দলটো দেখিয়েই স্থানীয় গদাধৰ কলিতাৰ জীয়ৰিয়ে মোবাইলেৰে আৰক্ষীক ভিডিঅ কৰাত ব্যস্ত হৈ পৰে তাকে কেন্দ্ৰ কৰি আন এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। আৰু তাৰ পৰিনতিত পৰিয়ালটোৰ আক্ৰমণৰ বলী হয় ভবানীপুৰ আৰক্ষী চকীৰ সহকাৰী উপ আৰক্ষী পৰিদৰ্শক দুৰ্গেশ্বৰ তালুকদাৰ, আৰক্ষীৰ সীমান্ত শাখাৰ কনিষ্টবল শশাংক কলিতা আৰু মহিলা আৰক্ষী আচিৰন নেচা। পৰিয়ালৰ ৪ গৰাকী সদস্যই আৰক্ষীক ফলা বাঁহেৰেও আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ইতিমধ্যে আৰক্ষী আৰু বেংকৰ কৰ্মচাৰীদ্বয়ক আক্ৰমণ কৰা পৰিয়ালটোৰ ৪গৰাকীৰ ভিতৰত গদাধৰ তালুকদাৰ আৰু পুত্ৰ দেৱানন্দ তালুকদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইপিনে কেমেৰাৰ আগত অভিযুক্ত আক্ৰমণকাৰী পিতা-পুত্ৰই বাইক পাৰ্কিংৰ বাবে আৰু জীয়ৰীয়ে মোবাইলত ভিডিঅ কৰা বাবেই অৰিয়াঅৰি সৃষ্টি হৈ এনে ঘটনা সংঘটিত হোৱা বুলি স্বীকাৰ কৰিছে।
আনহাতে মঙলবাৰে অভিযুক্ত পৰিয়ালৰ মহিলাগৰাকীয়েও বাইক পাৰ্কিংক কেন্দ্ৰ কৰিয়েই ঘটনাৰ সূত্ৰপাত হোৱা বুলি কোৱাৰ বিপৰীতে নিজে আৰক্ষীৰ পৰা প্ৰহৃত হোৱা বুলি প্ৰতি অভিযোগ উত্থাপন কৰিছে।
ইতিমধ্যে উক্ত ঘটনাক কেন্দ্ৰ কৰি ভৱানীপুৰ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে পূজা সমিতি আৰু বেংকৰ কৰ্মচাৰী ২জনেও আন ২খন এজাহাৰ দাখিল কৰিছে। সম্প্ৰতি আন ২জন অভিযুক্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। এখন বাইক পাৰ্কিং কৰাক কেন্দ্ৰ কৰি আৰক্ষীৰ লোক আক্ৰমণৰ বলী হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে