পাটাছাৰকুছিৰ কুৱাৰাগাঁৱৰ ধৰ্মপ্ৰাণ মহিলা অঞ্জু দেৱীৰ বিয়োগত শোক...

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ হাস্পতালতে ত্যাগ কৰে শেষ নিশ্বাস
পাটাছাৰকুছীৰ কুৱাৰাগাঁৱৰ ধৰ্মপ্ৰাণ মহিলা অঞ্জু দেৱীৰ বিয়োগত শোক...
পাটাছাৰকুছীৰ কুৱাৰাগাঁৱৰ ধৰ্মপ্ৰাণ মহিলা অঞ্জু দেৱীৰ বিয়োগত শোক...

ডিজিটেল ডেস্কঃ বজালী জিলাৰ পাটাছাৰকুছীৰ কাষৰ কুৱাৰাগাওঁ নিবাসী অঞ্জু দেৱীৰ ২৪ এপ্ৰিলৰ পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁ কিছুদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।

গুৱাহাটীৰ পৰা তেওঁৰ মৃতদেহ পুৱা নিজাবাসগৃহলৈ লৈ যোৱাৰ পাছতেই বাসগৃহত অসংখ্য গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে আৰু মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। মৃদুভাষী, স্পষ্টবাদী, পৰোপকাৰী, হাঁহিমুখীয়া, ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামীৰ লগতে একমাত্ৰ পুত্ৰ, জী, জোঁৱাই, নাতি, নাতিনীকে ধৰি অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in