
ডিজিটেল সংবাদ, নগৰবেৰা: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ অগ্ৰণী স্বেচ্ছাসেৱী অৰাজনৈতিক সংগঠন ছছিঅ ইকনমিক এণ্ড ৰুৰেল ডেভলপমেন্ট এচোছিয়েশ্যনৰ উদ্যোগত তৃতীয় বাৰ্ষিক চৰ চাপৰি শিক্ষা সমাৰোহ শনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম আলোপতি আঞ্চলিক বজাৰ ফকিৰ পাৰা প্ৰাংগণত অনুষ্ঠিত হৈ যায়।
কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮ বজাত ছেৰডাৰ সভাপতি মহম্মদ আদম আলীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত পুৱাৰ ভাগত বৃক্ষ ৰোপন, দোৱায়ে মাগফিৰাৎ, চৰাঞ্চলৰ হাজী সকলক সম্বৰ্ধনা আদি কাৰ্যসূচী অনুষ্ঠিত হয়। আবেলি ৩ বজাত ছেৰডাৰ সাধাৰণ সম্পাদক তথা চৰ জ্যোতি শিশু নিকেতনৰ অধ্যক্ষ আলাউদ্দিন আহমেদৰ সঞ্চালনাত স্ব ৰচিত কবিতা পাঠ অনুষ্ঠানত চৰাঞ্চলৰ কেইবাগৰাকী বিশিষ্ট কবিয়ে কবিতা পাঠ কৰে।
অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে লুইতপৰীয়া কলেজৰ অধ্যাপক ড০ ছামচুল আলম ছৰৱাৰ্দীয়ে। আবেলি ৪ বজাত 'জাতীয় সংহতিৰ পথত চৰ চাপৰিবাসী' শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। লুইতপৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদে সঞ্চালনা কৰা আলোচনাচক্ৰত আলোচক হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ আব্দুল মজিদৰ লগতে লুইতপৰীয়া কলেজৰ কেইবাগৰাকী সহযোগী অধ্যাপকে।
আবেলি ৫ বজাত ছেৰডাৰ সভাপতি মহম্মদ আদম আলীৰ সভাপতিত্ব মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান লুইতপৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদে। সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল মজিদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হাচেন আলী, আলফাজ উদ্দিন আহমেদ, লুইতপৰীয়া কলেজৰ অধ্যাপক ড০ আনোৱাৰ হুছেইন, ড০ ছামছুল আলম ছৰৱাৰ্দী, প্ৰধান শিক্ষক ৰহমত আলী মণ্ডল, অধ্যাপক আবু আয়ুব আহমেদ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জালাল উদ্দিন আহমেদ প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে।
ছেৰডাৰ সাধাৰণ সম্পাদক আলাউদ্দিন আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ৰাজ্যখনৰ ৩ গৰাকী বৰণ্য ব্যক্তি সাহিত্যিক ড০ হীৰেন গোহাঁই, জি এনআৰ চিৰ পৰিচালন সঞ্চালক ডা: নোমল চন্দ্ৰ বৰা, এন এফ টি কলেজৰ পৰিচালন সঞ্চালক ড০ জাকিৰ হুছেইনক ছছিঅ ইকনমিক এণ্ড ৰুৰেল ডেভলপমেন্ট এচোছিয়েশ্যন পৰা বাচনি কৰি অসম চৰ জ্যোতি বটাঁ '২৩ প্ৰদান কৰা হয়।
সভাত বৃহত্তৰ অঞ্চলটোৰ আলোপতিৰ মৰহুম ছাবেদ আলী, বাঘমাৰাচৰৰ মৰহুম আনোৱাৰ হুচেইন, আণ্ডাভাঙা কাছুমাৰাৰ মৰহুম নসিব আলীক কৃতী শিক্ষক হিচাপে মৰণোত্তৰভাৱে আৰু ৩ গৰাকী কৃতী শিক্ষক মাজৰ চৰৰ খলিলুৰ ৰহমান, আলোপতিৰ আব্দুল মজিদ, আদুৰী পাৰাৰ জালাল উদ্দিন আহমেদক বিশেষভাৱে ছেৰডা এন জি অৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনায়।
উল্লেখ্য যে, সভাত ছেৰডা এন জি অ ৰ পৰা প্ৰকাশিত ইক্বৰা স্মৃতি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে লুইতপৰীয়া কলেজৰ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদে। সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক এম হাচেন আলীৰ কাব্য গ্ৰন্থ উৰুখা জুপুৰি আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম আব্দুল মজিদৰ আলোকৰ বাটেদি আলোপতি নামৰ প্ৰৱন্ধ সংকলন নামৰ গ্ৰন্থ ২খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।