দুৰ্নীতিৰ অভিযোগ বালাভিঠা নৱজাগৰণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

দুৰ্নীতিৰ অভিযোগ বালাভিঠা নৱজাগৰণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
দুৰ্নীতিৰ অভিযোগ  বালাভিঠা নৱজাগৰণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটাৰোডৰ বালাভিঠা নৱজাগৰণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কলা অধ্যায় । দুৰ্নীতি ভাত নাখালে হজম নহয় প্ৰধান শিক্ষক আব্দুল মালেক চৌধুৰীৰ।

Advertisment

কেৱল দুৰ্নীতি আৰু দুৰ্নীতি । দুৰ্নীতিয়ে যেন পিছ এৰা নাই এইখন বিদ্যালয়ত । এটাৰ পিছত এটা সাঙুৰ খাইছে আব্দুল মালেক চৌধুৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ কলা পৃষ্ঠা।

ছাত্ৰ-ছাত্ৰীসকলৰ দুপৰীয়া খাদ্যৰ নামত ব্যাপক লুণ্ঠনৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে । প্ৰায় ১০-১৫ পৰা দিন খাদ্য দিয়া নাই এইসকল ছাত্ৰ-ছাত্ৰীক।

অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ খাদ্যৰ নামত ৩২.৮১ কুইণ্টল চাউলৰ পৰা বিদ্যালয়ত চাউল আনিলে ২৭ কুইণ্টল চাউল । সাত কুইণ্টল চাউল আত্মসাৎ কৰিলে প্ৰধান শিক্ষক আব্দুল মালেক চৌধুৰীয়ে।

এটা কণী দুভাগ কৰি আৰু সপ্তাহৰ প্ৰত্যেকটো শনিবাৰত দুপৰীয়া খাদ্য নিদিয়ে নৱজাগৰণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালেক চৌধুৰীয়ে।এই ঘটনাৰ এতিয়া উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।

Also Read: ISIS ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ১৩ জন গ্ৰেপ্তাৰ