/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-03/q73r031k/32397777-64a0-497e-a9c1-701f1d87132d.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত প্ৰয়াত মণ্টু কুমাৰ শৰ্মা সোঁৱৰণী ৭ সংখ্যক সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শনিবাৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য যে প্ৰতিযোগিতাখনৰ এইবেলিৰ নাট্য সন্ধিয়াটি পাটাছাৰকুছিৰ সন্তান বিশিষ্ট নাট্যকৰ্মী তথা মুক্তিযোদ্ধা প্ৰয়াত ৰজনীকান্ত শৰ্মাৰ নামত উৎসৰ্গিত কৰা হয়।গোলাঘাট, কলিয়াবৰ, মঙলদৈ, গুৱাহাটী, নলবাৰী, পাটাছাৰকুছি আদি ঠাইকে ধৰি অসমৰ ১১ টা আগশাৰীৰ নাট্যদলে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।
উক্ত প্ৰতিযোগিতাত মঙলদৈৰ জেংৰাই অসমলৈ প্ৰথম শ্ৰেষ্ঠ (নাট: চন পৰা বৃন্দাবণ)দলৰ সন্মান প্ৰদান কৰা হয়। একেদৰে গুৱাহাটীৰ নাট্যমে দ্বিতীয় শ্ৰেষ্ঠ দল (নাট: ও২), নলবাৰীৰ প্রজন্মই তৃতীয় শ্ৰেষ্ঠ দল (নাট: গোন্ধ)ৰ সন্মান লাভ কৰে।
আনহাতে মঙলদৈৰ বৃন্দাবন নাট্য দলে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল, মঙলদৈৰ জেংৰাই অসমৰ হিমাংশু শৰ্মাই প্ৰথম শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। গুৱাহাটীৰ নাট্যমৰ কংকন তালুকদাৰে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, কলিয়াবৰৰ শিল্প চ'ৰাৰ ভবেন চন্দ্ৰ বৈশই তৃতীয় শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।
ইফালে গোলাঘাটৰ কুশীলব সাংস্কৃতিক গোষ্ঠীৰ অন্তৰা হাজৰিকাই প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। মঙলদৈৰ জেংৰাই অসমৰ অৰ্চনা বৰুৱাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, গুৱাহাটীৰ সৃষ্টি কলা কৃষ্টি কেন্দ্ৰৰ অদিষ্ণা ৰাজবংশীয়ে তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ দখল কৰে।
আনহাতে নলবাৰীৰ প্রজন্মৰ দিগন্ত ভৰালীয়ে শ্ৰেষ্ঠ কৌতুক অভিনেতা, গুৱাহাটীৰ সৃষ্টি কলা কৃষ্টি কেন্দ্ৰৰ ধৃতি কাকতিয়ে শ্ৰেষ্ঠ শিশু শিল্পী, গুৱাহাটীৰ নাট্যমৰ প্ৰণৱ ভাৰালীয়ে শ্ৰেষ্ঠ নাট্যকাৰ (নাট: ও ২) আৰু মঙলদৈৰ জেংৰাই অসমৰ বিশ্বজিত ডেকাই শ্ৰেষ্ঠ পৰিচালক (নাট: চন পৰা বৃন্দাবন) ৰ বঁটা লাভ কৰে। প্ৰতিযোগিতাখনত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক তথা গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক নৰেন পাটগিৰী, বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস আৰু বিশিষ্ট অভিনেতা তথা নাট পৰিচালক দ্বীপজ্যোতি কাকতিয়ে।
শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সহযোগী বিচাৰক হিচাপে অংশগ্ৰহণ কৰে শৈলজানন্দ গোস্বামীয়ে। নাট্যশিল্পী তথা অৱসৰপ্ৰাপ্ত আ এ এছ বিষয়া হেমেন দাসে আবেলি ৬ বজাত আনুষ্ঠানিকভাবে প্ৰতিযোগিতাখন উদ্বোধন কৰে।
অনুষ্ঠানত নটৰাজৰ মূৰ্তিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে নিৰ্মল হালৈ মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই, প্ৰয়াত মণ্টু কুমাৰ শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ সহধৰ্মিনী প্ৰমীলা দেৱীয়ে। প্ৰয়াত ৰজনীকান্ত শৰ্মাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে প্ৰয়াত শৰ্মাৰ পুত্ৰ হৰিহৰ শৰ্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-03/1baj5oxi/822f0e9d-18c9-4f95-b0e1-fd0e3139d8a9.jpg)
প্ৰতিযোগিতাৰ বিভিন্ন সোঁৱৰণী বঁটাসমূহৰ ব্যক্তিৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে ক্লাবৰ সভাপতি ৰফিকুল হক, সম্পাদক ৰাজীৱ কুমাৰ শৰ্মা, নাট পৰিচালনা সমিতিৰ সভাপতি সঞ্জয় শৰ্মা আৰু সম্পাদক সতীশ ডেকা আৰু বিভিন্ন সোঁৱৰণী বঁটাৰ দাতাসকলে। ক্লাবৰ শীৰ্ষক সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে নিতুল শৰ্মা আৰু আমিনুল হকে।
নিশাই অনুষ্ঠিত তথা নিতুল শৰ্মাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হয়। প্ৰতিযোগিতাৰ বিজয়ীসকলে বঁটাসহ মানপত্ৰৰ লগতে প্ৰথম শ্ৰেষ্ঠ দলে তুনো আলি সোঁৱৰণী ২০,০০০ টকা লাভ কৰে।
একেদৰে দ্বিতীয় শ্ৰেষ্ঠ দলে অখিল চন্দ্ৰ গোস্বামী সোঁৱৰণী ১৫,০০০টকা, তৃতীয় শ্ৰেষ্ঠ দলে গোপীকান্ত শৰ্মা সোঁৱৰণী ১০,০০০ টকা, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলে মঙ্গল চাহ সোঁৱৰণী ৩০০০ টকা লাভ কৰে। প্ৰথম শ্ৰেষ্ঠ অভিনেতাই অক্ষয় কুমাৰ গোস্বামী সোঁৱৰণী ৪০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাই নৰেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী ৩,০০০ টকা লাভ কৰে।
তৃতীয় শ্ৰেষ্ঠ অভিনেতাই সুৰেন্দ্ৰ নাথ দাস সোঁৱৰণী ২,০০০ টকা, প্ৰথম শ্ৰেষ্ঠ অভিনেত্ৰীয়ে গিৰিজা দেৱী সোঁৱৰণী ৪,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীয়ে দীনেশ চক্ৰৱৰ্তী সোঁৱৰণী ৩,০০০ টকা লাভ কৰে। তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰীয়ে বাপুৰাম ৰাজবংশী সোঁৱৰণী ২০০০ টকা, শ্ৰেষ্ঠ কৌতুক অভিনেতাই কৃষ্ণকান্ত দেৱ শৰ্মা আৰু বিমলাপ্ৰিয়া দেৱী সোঁৱৰণী ৩,০০০ টকা লাভ কৰে।
একেদৰে শ্ৰেষ্ঠ শিশু শিল্পীয়ে মহিধৰ দাস আৰু হৰেশ্বৰী দাস সোঁৱৰণী ৩,০০০ টকা, শ্ৰেষ্ঠ নাট্যকাৰে নৰেন শৰ্মা সোঁৱৰণী ৩,০০০ টকা লাভ কৰে। শ্ৰেষ্ঠ পৰিচালকে ৰজনীকান্ত শৰ্মা সোঁৱৰণী ৩,০০০ টকা আৰু লাভ কৰে।
Also Read: অৱসৰপ্ৰাপ্ত প্ৰবক্তা মোহিনী মহন্তলৈ সাহিত্য সৌৰভ বঁটা ২০২৪