২০২৬ত বিজেপিৰ পতন অনিবাৰ্যঃ অখিল গগৈ

কলগাছিয়াৰ কৰাৰকুৰৰ খহনীয়া পৰিদৰ্শন ৰাইজৰ দলৰ

author-image
Asomiya Pratidin
New Update
২০২৬ত বিজেপিৰ পতন অনিবাৰ্যঃ অখিল গগৈ

ডিজিটেল সংবাদ, হাউলীঃ বুধবাৰে ৰাইজৰ দলৰ এটা সজাতি দলে বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ খহনীয়া পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, এইবাৰ বানপানীয়ে কৰাৰকুৰৰ বেকী নদীৰ ওপৰত স্থাপন হোৱা দলঙৰ অস্তিত্বৰ ওপৰত ভাবুকি নমাই আনিছে।

Advertisment

নদীৰ পশ্চিম পাৰত প্ৰৱল খহনীয়াৰ ফলত অভয়াপুৰীৰ পৰা লেংটিছিঙা-বৰপেটা হৈ গুৱাহাটীৰ আমিনগাৱলৈ যোৱা ২ নং ৰাজ্যিক ঘাইপথৰ ওপৰত খহনীয়া হৈ তীব্র ভাবুকিৰ সৃষ্টি কৰিছে। ঠাইডোখৰ পৰিদৰ্শন কৰি দিয়া ভাষণত অখিল গগৈয়ে কয় যে, চৰকাৰে অতি সোনকালে দিনত হাজাৰ পথচাৰী যাতায়ত কৰা নামনি অসমৰ একমাত্ৰ বিকল্প ৰাজ্যিক ঘাইপথটোৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত অখিল গগৈয়ে কয় যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দল ধৰাশয়ী হ'ব আৰু এই দলটো নিশ্চিহ্ন হৈ পৰিব ।

মঙলবাৰৰ এই কাৰ্যসূচীত ক্ৰমে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, ৰাছেল হুছেইন, মনিৰুজ জামান,আশ্ৰাফুল হুছেইন, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি কাজী নাজিমুল হক, ছাত্ৰ মুক্তিৰ সহ সাধাৰণ সম্পাদক আল আমীন হকে অখিল গগৈৰ লগত সংগ দিয়ে ।

raijor dol howly akhil gogoi