দুৰ্বৃত্তই লুটি নিলে ধন-সোণ, বাধা দিয়া যুৱতীক আক্ৰমণ

দুৰ্বৃত্তই লুটি নিলে ধন-সোণ, বাধা দিয়া যুৱতীক আক্ৰমণ

ডিজিটেল সংবাদ , বৰপেটা:' বৰপেটা চহৰৰ মাজ মজিয়াত চোৰে ধন -সোণ লুটি নিয়াৰ লগতে এগৰাকী যুৱতীক বাধা দিয়াৰ বাবে আক্ৰমণ কৰি আহত কৰে । মঙলবাৰে সন্ধিয়া বৰপেটা চহৰৰ বিলৰতাৰী হাটীৰ ৰাজেশ দাসৰ বাসগৃহত সোমাই দুই দুৰ্বৃত্তই লুটি নিয়ে ধন-সোণ ৷

প্ৰায় সাত তোলা সোণৰ গহণাৰ লগতে নগদ ৬৯ হেজাৰ টকা লুটি নিয়ে দুৰ্বৃত্তই ৷ জানিব পৰা মতে, সন্ধিয়া প্ৰায় ৭-০৫ বজাত ঘৰত অকলে আছিল ৰাজেশ দাসৰ কন্যাই ৷ নিজৰ শোৱনী কোঠাত অকলে থকাৰ সময়তে পিছ ফালৰ দৰ্জা ভাঙি প্ৰৱেশ কৰে দুই দুৰ্বৃত্ত ৷

মুখত ক'লা কাপোৰ বান্ধি অহা দুই দুৰ্বৃত্তই ওচৰতে থকা চাবি লৈ আলমিৰা খোলে আৰু তাত থকা ধন-সোণ লুট কৰি নিয়ে ৷ লুটপাত চলোৱাত বাধা প্ৰদান কৰা বাবে ৰাজেশ দাসৰ কন্যা চাইনী কাশ্যপক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুই দুৰ্বৃত্তই ৷ পিছত যুৱতী গৰাকীক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সংঘটিত কৰি পিচ ফালৰ দুৱাৰেৰে পলায়ন কৰে দুই দুৰ্বৃত্তই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in