/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/CRIME-22.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: দীৰ্ঘদিন ধৰি কৰা পৰিকল্পনাৰ অন্তত হত্যা কৰা হৈছিল অধিবক্তা ৰিণিমা বেগমক। যোৱা ২১ মাৰ্চত বৰপেটা জিলাৰ মাজ মজিয়াত সংঘটিত হৈছিল এক ৰাজ্য জোকাৰি যোৱা হত্যাকাণ্ড।
সেই হত্যাকাণ্ড সন্দৰ্ভত বৃহস্পতিবাৰে মত ব্যক্ত কৰে বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই। এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত সম্পূৰ্ণ কৰি আৰক্ষীয়ে কয় যে ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিল হত্যাকাণ্ড।
এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে ৭ জন লোক জড়িত এই হত্যাকাণ্ডত।ইয়াৰ ভিতৰত মূল অভিযুক্ত ৰবিয়াল আলীসহ ৬ জনক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।
গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজন ক্ৰমে ডা: মকদম আলী, ৰবিয়াল আলী, আব্বাছ আলী, ৰকিবুল ইছলাম, মস্তাৱ আলী আৰু মহিবুল হক। তদুপৰি অন্য অভিযুক্ত গৰাকীৰ বিৰদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
আৰু পঢ়ক: আজিৰে পৰা টোলগেটত ভৰিব লাগিব অধিক মাচুল…