নৃশংস! এটা বিড়ীৰ বাবেই নিজ পিতৃক হত্যা কৰিলে বৰপেটাৰ চামচুলে

নৃশংস! এটা বিড়ীৰ বাবেই নিজ পিতৃক হত্যা কৰিলে বৰপেটাৰ চামচুলে

author-image
asomiyapratidin
New Update
মহানগৰীত নৃশংস হত্যাকাণ্ড!

ডিজিটেল ডেস্ক: সামান্য কথাতেই নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে একাংশই। ৰাজ্যত বৃদ্ধি হোৱা অপৰাধজনিত ঘটনাৰ মাজতেই পুনৰ বৰপেটাৰ পৰা এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে।

Advertisment

সামান্য এটা বিড়ীৰ বাবে হোৱা বিবাদক কেন্দ্ৰ কৰি পুত্ৰই হত্যা কৰিলে পিতৃক।এই ঘটনা বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত এটি অঞ্চলত সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বুধবাৰে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত পুত্ৰ চামচুল হক(৩০)য়ে পিতৃক বিড়ী বিচাৰিছিল আৰু তেতিয়া পিতৃয়ে তেওঁক এটি বিড়ী খাবলৈ দিছিল। কিন্তু তাৰপাছত পুনৰ পুত্ৰই বিড়ী বিচৰাত দুয়োৰে মাজত বিবাদৰ সৃষ্টি হয়।এই বিবাদৰ মাজতেই পুত্ৰই খঙতে চুৰীৰে আঘাত কৰি হত্যা কৰে পিতৃক। মৃত ব্যক্তি গৰাকী আলীপুৰ গাঁৱৰ ৫০ বছৰীয়া লাল মিঞা বুলি চিনাক্ত হৈছে।

এই ঘটনা সন্দৰ্ভত জানিবলৈ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে পুত্ৰই স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।

assam barpeta murder