/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/sda.png)
ডিজিটেল সংবাদ , বৰপেটা :- বৰপেটা চহৰৰ মাজ মজিয়াত অৱস্থিত এখন হোটেলত জুৱা চলি অৱস্থাতে দেওবাৰে আৰক্ষীয়ে অভিযান চলাই কেবাজনো জুৱাৰীক আটক কৰা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চহৰখনৰ ড: বি কে কে ৰোডত অৱস্থিত হোটেল প্লাজাত আৰক্ষীয়ে অভিযান চলাই ৬ জন জুৱাৰী আটক কৰাৰ লগতে জুৱাখেলৰ সামগ্ৰী জব্দ কৰে ৷
আটকাধীন জুৱাৰী কেইজন হ'ল ক্ৰমে , ৱাহিদ আলী, জেহেৰুল ইছলাম, তৈবুৰ ৰহমান, আমিৰ আলী, চইবুল ইছলাম আৰু কাজী ইমৰাণ হুছেইন ৷ এই আটাইকেইজন জুৱাৰী বৰপেটা চহৰৰ সমীপৱৰ্তী জতি গাঁও আৰু ভেৰা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে , বৰপেটাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ড্ৰাগচ , জুৱা আদিকে ধৰি কেতবোৰ অনৈতিক কাৰ্যকলাপ ৷ যুৱ প্ৰজন্মক ধ্বংসৰ পিনে লৈ যোৱা এই অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে ৷ এক গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে আজি হোটেল প্লাজাত অভিযান চলায় ৷
হোটেলখনৰ এটা কোঠাত জুৱা চলি থকা সময়তে আৰক্ষীয়ে জুৱাৰী কেইজনক আটক কৰে ৷ জুৱাৰী কেইজনৰ পৰা নগদ ২৩ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি হোটেলখনৰ কোঠা এটা ভাড়াত লৈ জুৱাখেল চলাই আছিল ৷