আজি আৱেলি বৰ্ষাশ্ৰীয়ে পাব পাৰে জামিন…

আজি আৱেলি বৰ্ষাশ্ৰীয়ে পাব পাৰে জামিন…

author-image
asomiyapratidin
New Update
মুকলি আকাশৰ তললৈ বৰ্ষাশ্ৰী, জামিন মঞ্জুৰ আদালতৰ…

ডিজিটেল ডেস্ক: কবিতা লিখি কাৰাগাৰত দুমাহৰো অধিক সময় অতিবাহিত কৰা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে আজি জামিন লাভ কৰাৰ সম্ভাৱণা আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিয়লি ভাগলৈ বৰ্ষাশ্ৰীৰ জামিনৰ শুনানি অনুষ্ঠিত হ'ব।

কাৰাগাৰৰ পৰাই পৰীক্ষা দি থকা বৰ্ষাশ্ৰীয়ে নিষিদ্ধ ঘোষিত আলফা(স্বা)ক লৈ ফেচবুকত কবিতাৰ পংক্তি লিখাৰ অপৰাধত উৰিয়ামঘাট থানাত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত কাৰাগাৰৰ পৰাই তেওঁক বি এছ চি চেকেণ্ড চেমিষ্টাৰৰ পীৰক্ষা দিবলৈ অনুমতি প্ৰদান কৰিছিল আদালতে।

বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছত তেওঁলোকৰ কন্যাই কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান নকৰে বুলি আৰক্ষীক লিখি দিছে। আৰক্ষীৰ বিশেষ শাখাই পিতৃ মাতৃৰ লিখিত এই প্ৰতিশ্ৰুতি সংগ্ৰহ কৰি আনে। য'ত লিখিছে বৰ্ষাশ্ৰীয়ে আগতেও কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ হিংসাত্মক কাৰ্য সমৰ্থন কৰা নাছিল আৰু ভৱিষ্যতেও তেনে সংগঠনত যোগদান নকৰে।

আৰু পঢ়ক: ১১ বজাৰ পৰা ভোটগণনা, ৬১ শতাংশৰো অধিক ভোট লাভেৰে দ্ৰৌপদী মুৰ্ম জয়ৰ সম্ভাৱণা…

assam himanta biswa sarma Assam police