/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/b33b25d9-02b2-4334-9449-de037d34d3b3/daaaa.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ বৃহত্তৰ বৰহোলা অঞ্চলৰ একমাত্ৰ ব্যক্তিগতখণ্ড উচ্চ শিক্ষানুষ্ঠান বিকে একাডেমিৰ পৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰী সকলক আজি সংশ্লিষ্ট বিদ্যালয়ত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷সেই উদ্দেশ্য বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷উক্ত সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ জেষ্ঠ শিক্ষক দিলীপ বৰুৱাই৷সভাৰ আঁত ধৰে যুটীয়া অধ্যক্ষ উত্তম হাজৰিকা আৰু ৰাণু শইকীয়াই ৷
উল্লেখ্য যে সংশ্লিষ্ট বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ১৭ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ১৭ জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু ৩ জন ডিষ্টিংচন,৪ জনে ষ্টাৰ মাৰ্ক লাভ কৰে৷ইয়াৰে উচ্চ গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰে কস্তুৰী শইকীয়া আৰু দীক্ষিতা সোনোৱালে৷ বিজ্ঞানত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰে কৰে কস্তুৰী শইকীয়াই৷
বিদ্যালয়খনৰ পৰা ৯৫.১৭ শতাংশ লাভ কৰি বৃহত্তৰ বৰহোলা অঞ্চল তথা বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে ছাত্ৰী কস্তুৰী শইকীয়াই৷ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত বিদ্যালয়খনৰ ১৯ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল৷ইয়াৰে ১৭ জনে প্ৰথম বিভাগত,আৰু ২ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা লগতে ২ জন অসমীয়া,১ জন ইংৰাজী, ৯ জনে ৰসায়নবিজ্ঞান, ২ জনে পদাৰ্থবিজ্ঞানত আৰু ৩ জনে জীৱ বিজ্ঞান লেটাৰ মাৰ্ক লাভ কৰে৷
বিজ্ঞান শাখাত মুঠ ২ জনে ষ্টাৰ মাৰ্ক লাভ কৰে৷ কলা শাখাতো ১৯ জন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে প্ৰথম বিভাগত ৬ জন,দ্বিতীয় বিভাগত ১১ জন আৰু তৃতীয় বিভাগত ২ জন সহ অসমীয়া ৩ ,সমাজতত্ব ২,ইতিহাস ১,ভূবিজ্ঞান ২,ৰাজনীতি বিজ্ঞান ২,ঐচ্ছিক অসমীয়া ১ আৰু অৰ্থনীতিত ১ জনে লেটাৰ মাৰ্ক লাভ কৰে৷কলা শাখাত ২ জনে ষ্টাৰ মাৰ্ক লাভ কৰে৷সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীকে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷
উক্ত সভাত বিশিষ্ট অতিথি হিচাপে বৰহোলা মহাবিদ্যালয়ৰ সহঃ অধ্যাপকদ্বয় ড° ৰাণা বৰা,অমল সোনোৱাল,ইকৰাণি কৃষিপ্ৰধান উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবীন মহন্ত,গড়াজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰীতা সোনোৱাল,প্ৰতিদিন টাইমৰ বৰহোলা সাংবাদিক কুমুদ বৰা,তিতাবৰ মহকুমাৰ ছাত্ৰ সন্হাৰ সভাপতি মাধুৰ্য্য পাঠক,বৰহোলা আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি ভাস্কৰজ্যোতি নেওগৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী,অভিভাৱকৰ লগতে ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ো অনুষ্ঠানত উপস্থিত থাকে৷ বিদ্যালয়খনৰ সন্তোষজনক ফলাফলৰ কাৰণে সঞ্চালক বিবুল হাজৰিকাক সকলোৱে ধন্যবাদ আৰু প্ৰশংসা কৰে৷ভৱিষ্যতে যাতে এই ধাৰাবাহিকতা অব্যাহত থাকে তাকে সকলোৱে কামনা কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us