মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভক্তৰ ভিৰ…

মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভক্তৰ ভিৰ…

author-image
asomiyapratidin
New Update
মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভক্তৰ ভিৰ…

ডিজিটেল সংবাদ বঢ়মপুৰঃ আজি পবিত্ৰ মাঘিপূৰ্ণিমা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰৰ ভেৰভেৰীস্থিত নৰসিংহ ক্ষেত্ৰৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম। ২০০৩ চনত নিৰ্মাণ কৰা মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবছৰে এই মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰায়ে আয়োজন কৰা হয় মহামৃত্যুঞ্জয় যজ্ঞৰ।

এইবাৰো বাৰ্ষিক মহামৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰে ৫ দিনিয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে। মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোত বিভিন্ন স্থানৰ দৰ্শনাৰ্থীয়ে চাকি-বন্তি আগ বঢ়াই সকলোৰে মঙ্গল কামনা কৰে। স্মৰ্তব্য যে আজিৰ এই দিনটোত অসমৰ মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অংশ গ্ৰহণ কৰি পূজা অৰ্চনা কৰে মহামৃত্যুঞ্জয় মন্দিৰত।

assam NOGAON