স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱা আৰক্ষী থানাৰ উদ্যোগত শোভাযাত্ৰা…

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱা আৰক্ষী থানাৰ উদ্যোগত শোভাযাত্ৰা…

author-image
asomiyapratidin
New Update
স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বটদ্ৰৱা আৰক্ষী থানাৰ উদ্যোগত শোভাযাত্ৰা…

ডিজিটেল সংবাদ, বটদ্ৰৱা: ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ঘৰ ঘৰ জাতীয় পতাকা শীৰ্ষক শ্লোগান লৈ জন জাগৰণ সৃষ্টি কৰিবলৈ আৰক্ষী প্ৰশাসনেও আৰম্ভ কৰিছে ৰেলী।

এই স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা বটদ্ৰৱা আৰক্ষী থানাৰ উদ্যোগত অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মকতা সকল, স্থানীয় মহিলা, ৰাইজ, ছাত্ৰ ছাত্ৰী সকল সমবেত হৈ এক বিশাল শোভাযাত্ৰা উলিয়াই।

শ শ লোকৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত শোভাযাত্ৰা বটদ্ৰৱা আৰক্ষী থানাৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা বৰহিছা, সৰুহিছা, ভেটিয়নী গাঁৱৰ মাজেৰে গৈ পুনৰ বটদ্ৰৱা থানাত সামৰণি মৰা হয়। শোভাযাত্ৰাত অংশ কৰি সকলোৱে "বন্দে মাতৰম, ভাৰত মাতা কি জয়" আদি দেশপ্ৰেম মূলক শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

আৰু পঢ়ক:ক্ষেত্ৰীত ২৯ টা চোৰাং গৰুসহ ২ জনক গ্ৰেপ্তাৰ…

assam Barduwa assampolice