/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/barduwa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা:নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বালিসত্ৰ উষা পুথিভৰাঁল প্ৰাংগণত বৃহস্পতিবাৰে কণ কণ নৃত্যশিল্পীৰ এটি "উৎসাহ প্ৰদান" অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটীৰ শিল্পগ্ৰামত সাংস্কৃতিক সৰগম ২০২২ ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অলপতে অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত বালিসত্ৰৰ কনকন নৃত্যশিল্পী সকলে ৮ টি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল।
"নৃত্যাঞ্জলী ডান্স একাডেমী"ৰ পুৰস্কাৰ বিজেতা এই কণ কণ শিল্পীসকলক "উৎসাহ প্ৰদানৰ বাবে অনুষ্ঠিত হয় এই অনুষ্ঠান। সমাজসেৱক কুশ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মুকুল কলিতা , শিক্ষক দিপ্তী কুমাৰ ভূঞা , অধ্যাপক দিলীপ কুমাৰ ভূঞা, যুৱ সমাজ কৰ্মী মাণিক বৰা, বয়োজ্যেষ্ঠ তথা এসময়ৰ ফুটবল খেলুৱৈ লীলা বৰা, লায়নচ ক্লাৱৰ সচিব বসন্ত বৰদলৈয়ে গুৰুত্বৰ্পূন বক্তব্য প্ৰদান কৰে।
গাম্ভীয্য পূৰ্ণ অনুষ্ঠানটিতে প্ৰশিক্ষক বিধান গগৈৰ তত্বাৱধানত "কুংফু কিক বক্সিং একাডেমী"ৰ ছাত্ৰ জ্যোতিষ্মান বৰাই দেৰগাৱঁত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত সোনৰ পদক লাভ কৰাৰ বাবে তেওঁকো সম্বৰ্ধনা জনোৱা হয়। কনকন শিল্পী সকলৰ লগতে "নৃত্যাঞ্জলী ডান্স একাডেমী"ৰ প্ৰশিক্ষক সত্যজিৎ শইকীয়া আৰু পৱন বৰদলৈকো সম্বৰ্ধনা জনোৱা হয়।
আৰু পঢ়ক:চিৰাঙৰ বেংতলত ভাৰতীয় ষ্টেট বেঙ্কৰ নতুন শাখা উদ্ধোধন…