বৰদলনি সাপেখাটিত কুমতীয়া নদীয়ে উটোৱাই নিলে মথাউৰি…

বৰদলনি সাপেখাটিত কুমতীয়া নদীয়ে উটোৱাই নিলে মথাউৰি…

author-image
asomiyapratidin
New Update
বৰদলনি সাপেখাটিত কুমতীয়া নদীয়ে উটোৱাই নিলে মথাউৰি…

ডিজিটেল সংবাদ ধেমাজি : দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত  বৰদলনিত কুমতীয়া নদীয়ে সাপেখাটিত প্ৰায় ১০০ মিটাৰ  মথাউৰি  উটোৱাই নিয়ে ৷ মাথাউৰি চিঙি যোৱাৰ ফলত বৰদলনি অঞ্চলৰ প্ৰায় ২৫ খন গাওঁ জলমগ্ন হৈ পৰে । শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বাঢ়নী পানীয়ে মথাউৰিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল ৷

Advertisment

ইফালে জল সম্পদ বিভাগৰ অকমন্যতাৰ ফলতেই মাথাউৰিটো চিঙিবলৈ পালে বুলি স্হানীয়  ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷দেওবাৰে সন্ধিয়াৰে পৰা অঞ্চলবাসী ৰাইজে  মাটি, বস্তা , জেং ,জাবৰ  দি মথাউৰিটো বছাবলৈ অপ্ৰাণ চেষ্টা কৰিও বিফল হয় ।

জিলা প্ৰশাসনক মাথাউৰিটো চিঙাৰ খবৰ দিযা হয় যদিও নিশা হোৱা বাবে জিলা প্ৰশাসনৰ কোনো লোক উক্ত স্থানত উপস্থিত নহ'ল ৷ ইতিমধ্যে   অঞ্চলটোৰ ৰাইজে  কলৰ ভূৰ বনাই , হাত নাওলৈ  নিৰাপদ স্হানলৈ গমন কৰিছে  । অঞ্চলটোত কেওফালে কেৱল পানী হোৱা বাবে ক'ত কিমান লোক আবদ্ধ হৈ আছে বা কোনে ক'ত  আশ্ৰয় লৈছে বৰ্তমানলৈকে কোনো  সম্ভেদ পোৱা হোৱা নাই

আৰু পঢ়ক : পল্টনবজাৰৰ হোটেলৰ পৰা গাঞ্জাসহ ৫ পুৰুষ-মহিলাক আটক…

assam bardaloni