বৰমাৰ পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰৰ  সাফল্য...

বাক্সা জিলা অন্তৰ্গত বৰমাস্থিত পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰৰ সাফল্যই জিলাখনত উৎফুল্লিত কৰি তুলিছে ।

author-image
Asomiya Pratidin
New Update
 বৰমাৰ পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰৰ  সাফল্য...

ডিজিটেল সংবাদ, বৰমা: বাক্সা জিলা অন্তৰ্গত বৰমাস্থিত পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰৰ সাফল্যই জিলাখনত উৎফুল্লিত কৰি তুলিছে । সদ্য ঘোষিত ২০২২ ইং চনত সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হয় পায়নিয়াৰ একাডেমিৰ চাৰি ছাত্ৰ ক্ৰমে ডৈদেন মোছাহাৰী, হায়েনছা ৰামছিয়াৰী, ত্ৰিদেৱ বসুমতাৰী আৰু হিমাংশু দেউৰী । 

Advertisment

চাৰিজন ছাত্ৰৰ ভিতৰত তিনিজনে জিইই (JEE ) আৰু এজনে নীট ( NEET ) পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় ৷ বাক্সা জিলালৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হোৱাৰ বাবে উৎফুল্লীত বুলি জানিবলৈ দিয়ে পায়নিয়াৰ একাডেমিৰ অধ্যক্ষা বৃছা বসুমতাৰীয়ে ৷ 

উল্লেখযোগ্য যে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখাত পায়নিয়াৰ একাডেমীয়ে উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল ৷

assam barama