বৰমাত বাতিল কেইবাখনো বিদ্যালয়ৰ গোট পৰীক্ষা...

ভয়াৱহ বান ৰাজ্যৰ বহু কেইটা অঞ্চলত ক্ষতিসাধন কৰাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বৰ্নাত্যৰ মাজত

author-image
Asomiya Pratidin
New Update
বৰমাত বাতিল কেইবাখনো বিদ্যালয়ৰ গোট পৰীক্ষা...

ডিজিটেল ডেস্ক : ভয়াৱহ বান ৰাজ্যৰ বহু কেইটা অঞ্চলত ক্ষতিসাধন কৰাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বৰ্নাত্যৰ মাজত। ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহুলোক। ইয়াৰ মাজতেই বৰমাত কেইবাখনো বিদ্যালয়ৰ গোট পৰীক্ষা বাতিল কৰাৰ খবৰ আহি পৰিছে।

Advertisment

ভয়াৱহ বান পৰিস্থিতিৰ বাবেই বাতিল কৰা হয় গোট পৰীক্ষা। পাগলদিয়া নৈৰ মথাউৰি ছিঙি যোৱাৰ ফলত জলমগ্ন হৈছে বৃহৎ অঞ্চল। যাৰ বাবে স্কুল-কলেজ বন্ধপ্ৰায় হৈ পৰে। সেয়েহে বৰমাত বানাগ্ৰস্ত অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ গোট পৰীক্ষা বাতিল কৰে বিভাগীয় কৰ্তৃপক্ষই।

Also Read: মঙলদৈত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন...

education department of assam