স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাক বৰমা ছোৱালী হাইস্কুলৰ সম্বৰ্ধনা…

স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাক বৰমা ছোৱালী হাইস্কুলৰ সম্বৰ্ধনা…

author-image
asomiyapratidin
New Update
স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাক বৰমা ছোৱালী হাইস্কুলৰ সম্বৰ্ধনা…

ডিজিটেল ডেস্ক, বৰমা : বাক্সা জিলাৰ বৰমা ছোৱালী হাইস্কুলৰ ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী সকলে শুকুৰবাৰে স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এক বিশেষ কাৰ্য্যসূচী হাতত লয়। প্ৰধান শিক্ষক দেওবাৰ ৰামছিয়াৰীৰ তত্বাবধানত শিক্ষক-শিক্ষয়িত্ৰী আৰু শতাধিক ছাত্ৰীয়ে হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাৰ বাসভৱনত উপস্থিত হয় ৷

Advertisment

ভাৰত স্বাধীনতাৰ যুঁজত অংশগ্ৰহণ কৰি কাৰাবাস বৰণ কৰা জিতেন্দ্ৰ নাথ শৰ্মাক স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱত বৰমা ছোৱালী হাইস্কুলৰ তৰফৰ পৰা আৰেনাই, বিহুৱান, ফল-মূল, মিঠাই দিয়া হয় ৷ স্বাধীনতা সংগ্ৰামী জিতেন্দ্ৰ নাথ শৰ্মাৰ সন্মুখত ছাত্ৰী সকলে 'বন্দে মাত ৰম', 'ভাৰত মাতা কি জয়', ৰাষ্ট্ৰীয় সংগীত "জন গণ" পৰিবেশন কৰে ৷

দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উল্লেখ্য যে ১৩ তাৰিখৰ পৰা ১৫ তাৰিখৰ লৈকে এইবাৰ ৩ দিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰা হ'ব।

আৰু পঢ়ক : 'গান্ধী পৰিয়ালক বাদ দি কংগ্ৰেছে একো কৰিব নোৱাৰে' – মন্ত্ৰী পিযুষ হাজৰিকা…

barama assam himanta biswa sarma bjp