/asomiyapratidin/media/media_files/2025/07/07/1-2025-07-07-13-33-20.jpg)
ডিজিটেল সংবাদ, বৰমাঃ বাক্সা জিলাৰ বৰমাৰ ৰয়না মাল্টি পাৰপছ কো-অপাৰেটিপ ছ'চাইটি লিমিটেডৰ উদ্যোগত আজি বৰমাৰ ওচৰৰ খাৰুৱাজানত অৱস্থিত ইনটিগ্ৰেটেড টেক্সটাইল পাৰ্কৰ সভাগৃহত বৰমা অঞ্চলত শান্তি, একতা আৰু উন্নয়ন ক্ষেত্ৰত বুদ্ধিজীৱি সকলৰ ভূমিকা শীৰ্ষক এটি আলোচনা চক্ৰ অনুষ্ঠিত হয়।
আলোচনা চক্ৰত বন্তি প্ৰজ্বলন কৰে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই। আলোচনা চক্ৰখনৰ আৰম্ভণিৰ আগত মৃতক সকলৰ নামত এক মিনিট মৌন প্ৰাৰ্থনা কৰে। বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰীয়ে সঞ্চালনা কৰা আলোচনাচক্ৰখন উদ্বোধন কৰে বৰমা বিধান সভাৰ বিধায়ক ভূপেন বড়োই।
আলোচনা চক্ৰখনত অতিথি হিচাপে অংশগ্ৰহণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা বি সোমখোৰ বসুমতাৰী, অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সাধাৰণ সম্পাদক থানেশ্বৰ বড়ো আৰু বৰমা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰৈৰুব ব্ৰহ্ম আৰু বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নন্দৰাম বসুমতাৰীয়ে। আলোচনাচক্ৰখনত বৰমা অঞ্চলৰ বহু শতাধিক শিক্ষক, খেতিয়ক, ব্যৱসায়ী, সমাজ সেৱক, ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।