মুখ্যমন্ত্ৰী এগৰাকীৰ ওপৰত হোৱা আক্ৰমণ উদ্বেগজনক আৰু নিন্দনীয় : বৰাক ডেম'ক্ৰেটিক ফ্ৰন্ট

বিডিএফ ৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ৰ সংবাদ বিজ্ঞপ্তি

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী এগৰাকীৰ ওপৰত হোৱা আক্ৰমণ উদ্বেগজনক আৰু নিন্দনীয় : বৰাক ডেম'ক্ৰেটিক ফ্ৰন্ট

ডিজিটেল সংবাদ, বৰাক : ২০২৩ বৰ্ষত তেলেংগানাত হ'ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত উপস্থিত হৈ ৯ ছেপ্তেম্বৰত এক সভাত অংশগ্ৰহণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সেই সভাতেই তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ সদস্য এগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখৰ পৰা মাইক কাঢ়ি আনি পাছত বাক বিতণ্ডাত লিপ্ত হোৱা কাৰ্য্যক তীব্ৰ গৰিহণা দিছে বৰাক ডেম'ক্ৰেটিক ফ্ৰন্টে । এই সন্দৰ্ভত বিডিএফ ৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে এক সংবাদ বাৰ্তাৰ জৰিয়তে প্ৰদান কৰা ভাষ্য অনুসৰি, এখন ৰাজ্যৰ মুখ্য মন্ত্ৰী গৰাকী যি দলৰেই নহওক কিয়, তেখেত এখন ৰাজ্যৰ প্ৰশাসনিক মুৰব্বী ।

Advertisment

তেনে স্থলত সভা এখনত মুখ্য মন্ত্ৰী এগৰাকীৰ ওচৰলৈ আহি এনে অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি কৰিলে সাম্ভাৱ্য শাৰীৰিক আক্ৰমণৰ দিশটোক উলাই কৰিব পৰা নাযায় । ইয়াৰ উপৰিও সুৰক্ষা বেহুৰ মাজেৰে কিদৰে ব্যক্তি গৰাকী মঞ্চত উপস্থিত হ'ব পাৰিলে তাৰ তদন্ত হোৱা উচিত । আনহাতে ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা আকৌ সংঘটিত নহয় তাৰ বাবেও উচিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে ।

ইয়াৰ সৈতেই প্ৰদীপ দত্ত ৰায়ৰ মন্তব্য অনুসৰি, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজনৈতিক মত বিৰোধ থাকিলেও এই কাৰ্যৰ তীব্ৰ নিন্দা কৰে বিডিএফ এ । তেওঁলোকে ইয়াৰ আগতেও মুখ্য মন্ত্ৰী গৰাকীৰ ভাল কাম সমূহৰ সমৰ্থন কৰা আৰু ভৱিষ্যতেও কৰি যাব বুলিও জনাই এই বাৰ্তাৰ জৰিয়তে । অৱশ্যে বৰাক উপত্যকা তথা বঙালী জাতিৰ লোকসকলৰ বিপক্ষে লোৱা যি কোনো সিদ্ধান্তৰ বিৰোধিতাও কৰিব বুলি ভাষ্য প্ৰদান কৰে আহ্বায়ক গৰাকীয়ে ।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি ষ্ঠাপন কৰা পদক্ষেপক এক ঐতিহাসিক কৰ্তব্য বুলি অভিহিত কৰে বিডিএফ এ । তাৰ সৈতেই প্ৰধান মন্ত্ৰী গৰাকীয়ে অসমৰ বঙালী লোকসকলক ডি ন'টিছ, ডিট্যেনশ্বন কেম্প আৰু নাগৰিকত্ব সন্দৰ্ভত কৰা প্ৰতিশ্ৰুতিসমূহ অতি শীঘ্ৰেই পালন কৰিবলৈ অনুৰোধ জনাই বিডিএফ এ ।

himanta biswa sama bjp