বিশিষ্ট কবি, সাহিত্যিক বাপুৰাম টেৰণৰ মৃত্যুত কাৰ্বি আংলঙত শোকৰ ছাঁ

বিশিষ্ট কবি, সাহিত্যিক বাপুৰাম টেৰণৰ মৃত্যুত কাৰ্বি আংলঙত শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
বিশিষ্ট কবি, সাহিত্যিক বাপুৰাম টেৰণৰ মৃত্যুত কাৰ্বি আংলঙত শোকৰ ছাঁ

ডিজিটেল সংবাদ, হাওৰাঘাট: বিশিষ্ট কবি ,সাহিত্যিক বাপুৰাম টেৰণৰ মৃত্যু। টেৰণ একেধাৰে সমাজ সেৱক , কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , কাৰ্বি লামেট আমেইৰ প্ৰাক্তন উপ-সভাপতি ,কাৰ্বি কালচাৰেল চ'ছাইটীৰ প্ৰাক্তন উপ সভাপতি ,কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ উপ সভাপতি ,অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য ,কাৰ্বি ৰজা "ৱাইছং ৰিচ'ৰ ইতিহাস" ৰচক(প্ৰকাশৰ পথত) আছিল।

Advertisment

বুধবাৰে পুৱা ৮ বজাত হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱতি ল'লে টেৰণে । মৃদুভাষী টেৰণে জীয়াই থকা কালত প্ৰতিপলে সমন্বয়ৰ মূলমন্ত্ৰৰে সমাজ ,অঞ্চলটিৰ উন্নয়নৰহকে কাম কৰিছিল।কৰ্মশ্ৰী বঁটা প্ৰাপক,অসম সাহিত্য সভাৰ আজীৱন সদস্য,কাৰ্বি লামেট আমেইৰ আজীৱন সদস্য, অসমীয়া আৰু কাৰ্বি দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা মাটিৰ মানুহ টেৰণৰ আকস্মিক বিয়োগে কাৰ্বি আংলং জিলাৰ সাহিত্য আকাশ উকা কৰি থৈ গ'ল।

প্ৰয়াত টেৰণ আছিল প্ৰচাৰ বিমুখ ,নীৰৱে জাতিটোৰ বাবে কাম কৰি ভাল পোৱা ব্যক্তিগৰাকীৰ আকস্মিক বিয়োগে কাৰ্বি আংলঙৰ তেওঁৰ শুভাকাংক্ষী প্ৰতিজন মানুহকে ব্যথিত কৰি তোলা পৰিলক্ষিত হয় । 

তেওঁৰ অকাল মৃত্যুত কাৰ্বি আংলং জিলা কবি সন্মিলনৰ উপ সভাপতি ভৱপ্ৰসাদ দেউৰী, কাৰ্বি লামেট আমেইৰ সাধাৰণ সম্পাদক জয়ছিং টকবি, দেবেন কাকতি,বিদুল বৰুৱা, ছাৰ এৎ হান্সে, ৰবীন গোস্বামী, ভৱেন বৰুৱা,খয়াছিং হান্সে, দীপুচৰণ দত্ত, শৰৎ পাটৰ, বিদ্যাৰাম ছিংনাৰ, অনিল হাজৰিকা,কল্পনা বৰা, অনন্ত কুমাৰ নাথ আদি বহু বিশিষ্ট কবি সাহিত্যিকে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জনায় ।

Also Read: শুভলক্ষ্মী দত্তৰ গোচৰ: ৩ আটছা নেতাক বহিষ্কাৰ