/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bani.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: ড॰ ভূপেন হাজৰিকাৰ প্ৰিয় শিষ্য বাণী বৰুৱাৰ মৃত্যু। হাজৰিকাদেৱৰ প্ৰিয় শিষ্য বাণী বৰুৱা উচ্চ ৰক্তচাপ জনিত কাৰণত বুধবাৰে আবেলি চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈ লৈ যোৱাৰ পথত মৃত্যু হয়।
বহু দিন ধৰি বৰুৱা উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি আছিল। বুধবাৰে আবেলি মঙলদৈ পুনিয়াস্থ বাসগৃহত চকিত বহি থকা অৱস্থাত মাটিত পৰি যায়। পৰিয়ালৰ লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ যাব দিয়ে যদিও গুৱাহাটী লৈ যোৱাৰ পথত বৰুৱাৰ মৃত্যু হয়।
তেখেতৰ মৃত্যুত দৰঙৰ সাংস্কৃতিক জগত খনত অপূৰণীয় ক্ষতি হয়। বৰুৱাৰ মৃত্যুত দৰং জিলা সাহিত্য সভা,মঙলদৈ প্ৰেছ ক্লাব, মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰাম, মঙলদৈ জিলা মইনা পাৰিজাত আদি অনুস্থান প্ৰতিস্থানে শোক প্ৰকাশ কৰে।
আৰু পঢ়ক: ৩ মাহৰ অন্তত মুকলি আকাশৰ তললৈ নৱজ্যোতি; আলফা(স্বা)ৰ সমৰ্থনত দিছিল পোষ্ট
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us