ডিজিটেল সংবাদ, চিৰাংঃ ভাৰতীয় তেল নিগমৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে কালিৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰকল্পত শ্ৰমিক সংগঠন সমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে । সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগত সঙ্গতি ৰাখি আজি চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখতো বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বিয়লি চাৰি বজাৰ পৰা এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
কেইবাশতাধিক শ্ৰমিকে হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লে-কাৰ্ড লৈ আইঅচিএল কতৃপক্ষই শ্ৰমিক বিৰোধী নীতি পৰিহাৰ কৰক, ঠিকাদাৰৰ সৈতে মিতিৰালি কৰি যধেমধে শ্ৰমিক ছাটাই কৰা কাৰ্য্য বন্ধ কৰক, বিজিআৰ ৰ ঠিকাদাৰ ছহিদুল ইছলামে ছাটাই কৰা ১২ শ্ৰমিকক পুনৰ নিযুক্তি প্ৰদান কৰক, আইঅচিএলৰ অতিথিশালাৰ ২২ গৰাকী শ্ৰমিকক ছাটাই কৰা সিদ্ধান্ত বাতিল কৰক, শ্ৰমিক ছাটাই কৰাক লৈ ক্ষেত্ৰীয় শ্ৰম আয়োগ আৰু বিজিআৰ কতৃপক্ষৰ মাজত হোৱা চুক্তি কাৰ্য্যকৰী কৰক, বিজিআৰ শ্ৰমিক ঐক্য জিন্দাবাদ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰে তোলে।
উল্লেখ্য যে বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি কয় যে ভাৰতীয় তেল নিগমৰ অধীনস্থ ডিগবৈ, গুৱাহাটী শোধনাগাৰ আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰন্ধন গেছ চিলিণ্ডাৰ বটলিং প্লান্টৰ লগতে বঙাইগাঁও শোধনাগাৰতো একাংশ ঠিকাদাৰৰ সৈতে মিতিৰালি কৰি ভাৰতীয় তেল নিগম কতৃপক্ষই শ্ৰমিক বিৰোধী স্থিতি গ্ৰহণ কৰি বঙাইগাঁও শোধনাগাৰৰ ঠিকাদাৰ ছহিদুল ইছলামে ১২ জনকৈ শ্ৰমিকক ছাটাই কৰিছিল আৰু ভাৰতীয় তেল নিগমৰ অধীনস্থ বিভিন্ন অতিথিশালাৰ ২২ জনকৈ শ্ৰমিকক ছাটাই কৰিছে ।
এইদৰে যদি ভাৰতীয় তেল নিগম কতৃপক্ষই শ্ৰমিক সকলৰ স্বাৰ্থ বিঘ্নিত কৰা সিদ্ধান্ত গ্ৰহণ কৰি থাকে , তেনেহলে আমি শ্ৰমিক সকলেও হাত সাৱতি বহি নাথাকো । আগন্তুক দহ দিনৰ ভিতৰত যদি ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই যদি আমাৰ দাবী পূৰণ নকৰে তেনেহলে আমি বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিয়ে গণতান্ত্ৰিক পদ্ধতিৰ মাজেৰে ভাৰতীয় তেল নিগম কতৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ইয়াতকৈ ভয়াবহ ৰূপত আন্দোলন চলাই যাম বুলি সকিয়নী প্ৰদান কৰে ।