/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/BANGAIGAON-2-GIRL.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁওঃ শনিবাৰে ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত বঙাইগাঁও আৰু চিৰাং জিলাৰ দুগৰাকী ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি জিলা দুখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/5d40d5ce-a59d-4a51-b200-0af52d45e851-1024x768.jpg)
ছাত্ৰী দুগৰাকী হ'ল চিৰাং জিলাখনৰ বি আৰ পি এল হাইস্কুলৰ নম্ৰতা নাথ আৰু বঙাইগাঁও হাইস্কুলৰ নিশিতা পাঠক৷ নম্ৰতাই ৪৭২ নম্বৰ লাভ কৰি ষষ্ঠ স্থান আৰু নিশিতাই ৪৬৮ নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ffa051a6-2f19-4ba1-93b6-a723f2ee09d5-1024x768.jpg)