গোৱালপাৰা জিলাৰ ৰংজুলিত বন্ধনৰ এককালীন সাহায্য প্ৰদান…

গোৱালপাৰা জিলাৰ ৰংজুলিত বন্ধনৰ এককালীন সাহায্য প্ৰদান…

author-image
asomiyapratidin
New Update
গোৱালপাৰা জিলাৰ ৰংজুলিত বন্ধনৰ এককালীন সাহায্য প্ৰদান…

ডিজিটেল সংবাদ নগৰবেৰাঃ বন্ধন বেংকে, বেংকিং সেৱাৰ সমান্তৰালকৈ বিভিন্ন সামাজিক আৰু উন্নয়নমূলক কাম-কাজৰ মাজেৰে ৰাইজৰ অতি আপোন হৈ পৰিছে ৷ তাৰে ভিতৰত ২০০৬ চনত আৰম্ভ কৰা বন্ধন "অতি দৰিদ্ৰ সহায়ক কৰ্মসূচী" নামৰ আচঁনিখনে সমাজৰ বিধৱা ,স্বামী পৰিত্যক্তা আৰু বিবাহৰ বয়স পাৰ হোৱা মহিলাসকলৰ মুখত হাঁহি উভতাই আনিবলৈ সক্ষম হৈছে ৷

Advertisment

অসমৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ ৰংজুলিতো ১৯ ফেব্ৰুৱাৰী, ২০২২ শনিবাৰে ২৭ গৰাকী মহিলা হিতাধিকাৰীক স্বাৱলম্বী কৰি তুলিবলৈ বিনামূলীয়াভাৱে গেলামালৰ সামগ্ৰী, ৰেডিমেড কাপোৰ, তাতঁশাল, চিলাই মেচিন, পানদোকানৰ সামগ্ৰী আদি বিতৰণ কৰা হয় ৷ এই কৰ্মসূচীৰ জৰিয়তে সমাজৰ অতি দৰিদ্ৰ বিধৱা স্বামী পৰিত্যক্তা, আৰু বিবাহৰ বয়স পাৰ হোৱা অবিবাহিত মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ বন্ধনে কৰা এই প্ৰচেষ্টাক, শলাগ ল'বলগীয়া প্ৰচেষ্টা বুলি সদৰি কৰে ৰংজুলি গাওঁ পঞ্চায়তৰ সভাপতি স্বপনা ৰাভাই ৷

ইতিমধ্যে এই শাখাটোৰ পৰা ১৪৫ গৰাকী হিতাধিকাৰীক স্বাৱলম্বী কৰি তুলিবলৈ সামগ্ৰী বিতৰণ কৰা হৈছে ৷ ইতিমধ্যে সম্পদ লাভ কৰা মহিলাসকলক পৰৱৰ্তী পৰ্যায়তো সম্পদ বিতৰণ কৰা হ'ব বুলি ব্যক্ত কৰে এৰিয়া ক'ৰ্ডিনেটৰ গৌৰাঙ্গ ৰায়ে ৷ সভাখনত ৰংজুলি ব্লকৰ যুটীয়া বি ডি অ' ঘনশ্যাম বড়ো , ৰংজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মদন ডেকা,ৰংজুলি গাওঁ পঞ্চায়তৰ উপ-সভাপতি সঞ্জয় ৰাভা ,ৰংজুলি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষাগুৰু তথা বিশিষ্ট সমাজসেৱক অমল দাসৰ লগতে বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

এই আচঁনিখন অসমৰ অন্যান্য জিলালৈ সম্প্ৰসাৰণ কৰাৰ বাবে বন্ধন কৰ্তপক্ষই ইতিমধ্যে পৰিকল্পনা হাতত লৈছে ৷ এই অনুষ্ঠানত বন্ধনৰ বিষয়া অতুল চন্দ্ৰ শীল, ৰংজুলি শাখাৰ শাখা পৰিচালক উদয় বৰ্মনৰ লগতে দয়াল ৰায়,কন্দৰ্প ৰায়, লব সৰকাৰ আৰু বিৰাজ বৰ্মনো উপস্থিত থাকে ৷

assam bandhan bandhan bank গোৱালপাৰা জিলাৰ ৰংজুলিত বন্ধনৰ এককালীন সাহায্য প্ৰদান