Advertisment

ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়াৰ দেহাৱসান...

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন অভিনেতা গৰাকীক...

author-image
Asomiya Pratidin
New Update
ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়াৰ দেহাৱসান...

ডিজিটেল সংবাদ, জামুগুৰিহাট: অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ বলিষ্ঠ অভিনেতা বলদেৱ শইকীয়াৰ আজি দেহাৱসান ঘটে৷ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱৰ নিজ বাসগৃহত ৯১ বছৰ বয়সত মৃত্যুক সাৱতি লয় বিশিষ্ট অভিনেতা গৰাকীয়ে।

Advertisment

অচ্যুত লহকৰৰ দ্বাৰা প্ৰযোজিত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰ প্ৰথম বৰ্ষৰ মুখ্য অভিনেতা আছিল শইকীয়াদেৱ৷ পৰৱৰ্তী সময়ত পাঞ্চজন্য থিয়েটাৰ নামৰ ভ্ৰাম্যমাণ নাট্যদলৰ জন্ম দিছিল এই গৰাকী বিশিষ্ট অভিনেতাই৷

ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা, নাট্যকাৰ তথা পৰিচালক গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে সাংস্কৃতিক ক্ষেত্ৰখনত। অভিনেতা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসভৱনত গুণমূগ্ধৰ ভিৰ হোৱা পৰিলক্ষিত হয়৷

উল্লেখ্য যে, বাসভৱনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তদুপৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ও ব্যক্তি বিশেষে বিশিষ্ট অভিনেতা গৰাকীৰ মৃতদেহত পুষ্পাঞ্জলি অৰ্পণ কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

Also Read: ভগ্নীস্নেহ! ৰাহুল গান্ধীৰ পদ খাৰিজত উভতি ধৰিছে প্ৰিয়ংকা গান্ধীয়ে...

assamese culture