বাক্সাৰ শালবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

বাক্সাৰ শালবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

author-image
Asomiya Pratidin
New Update
২৪ ছেপ্টেম্বৰত ড্ৰাই দে' ঘোষণা...

city murder

ডিজিটেল সংবাদ, বাক্সাঃ শালবাৰীৰ আম্ৰাট্টাৰীৰ মাধৱ কলিতা নামৰ লোকে এগৰাকীয়ে ৰৌমাৰীৰ জ্যোতিষ দাস নামৰ লোকএজনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ জ্যোতিষ দাসৰ ভুক্তভোগী পৰিয়ালৰ।

Advertisment

উল্লেখ্য যে ,যোৱা ২৬ মাৰ্চত চলি থকা গাতিৰ দৌল উৎসৱত মাধৱ কলিতা আৰু জ্যোতিষ দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু মাধৱ কলিতাই জ্যোতিষ দাসক মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আহত কৰে। তাৰ পিছতেই সংকটজনক অৱস্থাত জ্যোতিষ দাসক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত জ্যোতিষ দাসৰ মৃত্যু হয়।

জ্যোতিষ দাসৰ মৃত্যুৰ পিছতে ৰৌমাৰীস্থিত বাসগৃহত মৃতদেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত জ্যোতিষ দাসৰ পৰিয়ালৰ লোকে হত্যাকাৰী মাধৱ কলিতাৰ বিৰুদ্ধে স্থানীয় আনন্দ বজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে হত্যাকাৰী মাধৱ কলিতাৰ ওপৰত বৰ্তমানলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে। ইফালে এই হত্যাকাণ্ডই সমগ্র অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Also Read: বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৌচুমী শইকীয়াৰ মৃত্যু...

baksha murder case