/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4075cde4-74a7-40a6-b2c4-31618ddbbf0e/barama.jpg)
baksa women missing
ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ অন্তৰ্গত বৰমা আৰক্ষী থানাৰ অধীনৰ দলবাৰী আউট পষ্টৰ অন্তৰ্গত পূৱ জাৰিপাৰা গাঁৱৰ বাসিন্দা সমিন চন্দ্ৰ ব্ৰহ্মৰ পত্নী লিমফ্ৰি মোছাহাৰী (৪০) ই যোৱা ২৩ চেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। স্বামী সমিন চন্দ্ৰ ব্ৰহ্মই এই সন্দৰ্ভত জনায়।
তেওঁ লগতে কয় যে তেওঁৰ পত্নী লিমফ্ৰি মোছাহাৰীই যোৱা ২৩ চেপ্তেম্বৰত গুৱাহাটীলৈ যোৱাৰ পিছত ঘৰলৈ উভতি অহা নাই । এই নিৰুদ্দেশ সংক্ৰান্তত তেওঁ দলবাৰী আউট পষ্টত এখন এজাহাৰ দাখিল কৰিছে ।
কোনো লোকে লিমফ্ৰি মোছাহাৰীৰ সন্ধান পালে ওচৰৰ আৰক্ষী থানা নাইবা 9678173335 নম্বৰ দুৰভাষত যোগাযোগ কৰিবলৈ সমিন চন্দ্ৰ ব্ৰহ্মই আহ্বান জনাইছে।