/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/vv.jpg)
ডিজিটেল সংবাদ, বাক্সা: ডিজিটেল মাধ্যমৰ অভুতপূৰ্ব সাফল্যৰ ফলত সম্ভৱ হৈ উঠিছে সকলো কাম ৷ আনকি বহি: ৰাজ্যৰ ছাত্ৰ- ছাত্ৰীৰ মাজতো যোগসুত্ৰ সম্ভৱ হৈ উঠিছে ডিজিটেল মাধ্যমৰ জৰিয়তে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ডিজিটেল ইণ্ডিয়াৰ ফলত শুকুৰবাৰে দুখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিনিময় অনুষ্ঠান সম্পন্ন হয় বাক্সা জিলাৰ বৰমাত ৷
বাক্সা জিলাৰ কেবাখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শুকুৰবাৰে বৰমাৰ চেন্ট জন্স হায়াৰচেকেণ্ডাৰী বিদ্যালয়ৰ পৰা ভাৰতবৰ্ষৰ আগশাৰীৰ বিদ্যালয় পাঞ্জাৱ লুধিয়ানাৰ এ ভি পি পাব্লিক স্কুলৰ ছাত্ৰ- ছাত্ৰীৰ মাজত আৰম্ভ হয় মতবিনিময় অনুস্থান ৷পাঞ্জাৱ আৰু অসমৰ শিক্ষা , সংস্কৃতিৰ ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰদৰ্শন হয় ৷ বাক্সা জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে বিহু ,বাগুৰুম্বা ,বৈশাগু নৃত্য প্ৰদৰ্শনৰ উপৰিও নৃত্যত ব্যৱহৃত সজুলিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে ডিজিটেল মাধ্যমৰ যোগেদি লুধিয়ানাৰ ছাত্ৰ ছাত্ৰক বৰ্ননা কৰে ৷
এই অনুষ্ঠানৰ দ্বাৰা বাক্সা জিলাৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে ভাৰতৰ আগশাৰীৰ বিদ্যালয় লুধিয়ানাৰ ডি এ ভি পাব্লিক স্কুলৰ ছাত্ৰ- ছাত্ৰীৰ মাজত মতবিনিময় কৰি যথেষ্টখিনি শিকিব পাৰিছে বুলি মন্তব্য কৰে বাক্সা জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে ৷ বাক্সা জিলাৰ বিদ্যালয় সমুহৰ আন্তগাঠনি আৰু শিক্ষকৰ সমস্যা থকাৰ কথা উল্লেখ কৰি বিদ্যালয় সমুহৰ পৰিদৰ্শকে আজিৰ মতবিনিময়ৰ জৰিয়তে বাক্সা জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে বহু কথা শিকিব পাৰিছে বুলি মন্তব্য কৰে ৷
অনুষ্ঠানত অংশগ্ৰহন কৰা ছাত্ৰ-ছাত্ৰী সকলেও নিজৰ ভাল লগা মন্তব্য দাঙি ধৰে ৷ অনুষ্ঠানত বাক্সা জিলা উপায়ায়ুক্ত আয়ুষ গাৰ্গ ,অতিৰীক্ত উপায়ুক্ত ,জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালী কে ধৰি বহু ছাত্ৰছাত্ৰী আৰু শিক্ষক উপস্থিত থাকে ৷
আৰু পঢ়ক: মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড…