বাক্সা জিলাত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো…

বাক্সা জিলাৰ মুছলপুৰৰ উপায়ুক্তৰ কনফাৰেন্স হলত ভিডিঅ' যোগে বুধবাৰে বিটিআৰৰ চাৰিখন জিলাৰ জিলাৰ উপায়ুক্তৰে মতবিনিময় হয়৷

author-image
asomiyapratidin
New Update
বাক্সা জিলাত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো…

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰৰ উপায়ুক্তৰ কনফাৰেন্স হলত ভিডিঅ' যোগে বুধবাৰে বিটিআৰৰ চাৰিখন জিলাৰ জিলাৰ উপায়ুক্ত, স্বাস্থ্য যুটিয়া সঞ্চালক লগতে বিভিন্ন উচ্চ পদস্থ বিষয়া সকলৰ মতবিনিময় হয়৷ মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই৷ কোভিড প্ৰটকল মানি চলিবলৈ সকলো পক্ষকে আহ্বান জনায় বড়োৱে ৷

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ পখিলা খেদা বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন বজালীৰ নয়ন, সহায় বিচাৰি কাতৰ অনুৰোধ পিতৃ-মাতৃৰ…

বিটিআৰৰ ৩৫ লাখ জনসাধাৰণৰ কাৰণে কাম কৰি যোৱাৰ অংগীকাৰ এই চৰকাৰ ৷ ৰাইজৰ জনপ্ৰতিনিধিয়ে ৰাইজৰ লগত থকাতো প্ৰকৃত ৰাইজৰ সেৱক ৷ কোনোবাই চৰকাৰৰ লগত থাকি কাম নকৰাতো সিহঁতৰ নিজা কথা বুলিও কয় প্ৰমোদ বড়োৱে ৷ ইফালে, ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত আইচিইউৰ বিচনা পৰিদৰ্শন কৰে ৷ কোভিদৰ সময়ত স্বাস্থ্য বিভাগৰ লগত কাম কৰা সকলক সেৱা কৰিবলৈ আহ্বান জনায় ৷

বৰ্তমান বিটিআৰত অস্ত্ৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে ৷ এইটো আমাৰ কাৰণে শুভ লক্ষণ নহয় ৷ সকলো অভিভাৱকক এইক্ষেত্ৰত সচেতন হ'বলৈ আহ্বান জনায় বড়োৱে৷ কিছুদিন আগতে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ পোৱা বাক্সাত ডাইনী হত্যাকাণ্ডতো দোষণীয় বুলিও কয় তেওঁ৷ এই ডাইনী হত্যাক নৰহত্যাকাৰীৰৰ লগত একে বুলিও কয় ৷ গোসাইগাওঁ বিপিএফ দলৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ আকস্মিক মৃত্যুক গভীৰ শোক প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে ৷