পখিলা খেদা বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন বজালীৰ নয়ন, সহায় বিচাৰি কাতৰ অনুৰোধ পিতৃ-মাতৃৰ…

পখিলা খেদা বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন বজালীৰ নয়ন, সহায় বিচাৰি কাতৰ অনুৰোধ পিতৃ-মাতৃৰ…

ডিজিটেল সংবাদ, বজালীঃ বজালী জিলাৰ শিঙিমাৰী গাঁৱৰ কৃষ্ণ ৰয় আৰু বিনা ৰয়ৰ একমাত্ৰ পুত্ৰ নয়ন ৰয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ পখিলা খেলা বয়সত বিচনাতে দিন কটাবলগীয়া হৈছ। লকডাউনৰ সময়ত বিভিন্ন ৰোগত আক্ৰন্ত হৈ চিকিৎসা চলি আছিল যদিও অবশেষত ধৰা পৰে দুৰাৰোগ্য কৰ্কট ৰোগত।

কৃষ্ণ ৰয়ৰ পত্নী সহ একমাত্ৰ সন্তান নয়নৰ দুখবৰ শুনি পিতৃ মাতৃৰ মূৰত সৰগ ভাগি পৰে। এতিয়া নয়ন ৰয় বি বৰুৱা কেন্সাৰ হাস্পতালৰ বিচনাত জীৱন মৰণৰ সৈতে যুঁজি আছে যদিও পৰিয়ালটোক চিকিৎসাৰ বাবে বহু টকাৰ প্ৰয়োজন। একমাত্ৰ উপাৰ্জনকাৰী পিতৃয়ে হাজিৰা কৰি পোহ পাল দি থকা পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অবস্থা হৈছে।

পুত্ৰক চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজন পৰিয়ালটোক। চৰকাৰ লগতে ৰাইজলৈ সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাই মাতৃয়ে লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰৰ লগতে বিশিষ্ট অধিবক্তা সমাজকৰ্মী গিৰীধৰ চৌধুৰীয়ে ভাৰতীয় ষ্টেট বেংকৰ একাউন্ট No- 35956552376 আৰু IFSC Code-SBIN0002099 এই একাউণ্ট নম্বৰত সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰ ভাবে আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in