”ঘৰে-ঘৰে পুখুৰী, ঘৰে- ঘৰে মাছ” মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিব বিটিআৰে : ৰাকেশ ব্ৰহ্ম

”ঘৰে-ঘৰে পুখুৰী, ঘৰে- ঘৰে মাছ” মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিব বিটিআৰে : ৰাকেশ ব্ৰহ্ম

author-image
asomiyapratidin
New Update
”ঘৰে-ঘৰে পুখুৰী, ঘৰে- ঘৰে মাছ” মুখ্যমন্ত্ৰীৰ সপোন বাস্তৱত ৰূপ দিব বিটিআৰে : ৰাকেশ ব্ৰহ্ম

ডিজিটেল ডেস্ক,বাক্সা: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তৱত ৰূপ দিবলৈ ওলাইছে বিটিআৰ পাৰিষদে। "ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ" মুখ্যমন্ত্ৰীৰ এই ধ্বনিক বাস্তৱত ৰূপ দিব বিটিআৰে। মুখ্যমন্ত্ৰীৰ এই সপোনক সৰোগত কৰি বুধবাৰে বাক্সা জিলাত বৈজ্ঞানিকভাৱে মৎস্য উৎপাদন কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিআৰৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই।

Advertisment

বাক্সা জিলাৰ অদালবাৰীৰ দীপেন বড়োৰ ঘৰৰ চৌহদত ডেৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মৎস্য উৎপাদন কেন্দ্ৰটো মুকলি কৰি সম্প্ৰতি বিটিআৰৰ উন্নতিৰ কাম ধুমুহা গতিত আগবাঢ়িছে বুলি কয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ।

বি টি আৰৰ প্ৰতিখন জিলাতে বৈজ্ঞানিক পদ্ধতিৰে কম ভুমিত কম খৰছত মৎস্য পালন কৰি আৰ্থিকভাৱে যথেষ্ট লাভবান হ'ব পাৰে বুলি কয় তেওঁ। কৃষি বিভাগৰ উন্নয়ণৰ ক্ষেত্ৰত কাৰ্যবাহী সদস্য গৰাকীয়ে কৃষকক অধিক লাভৰ বাবেই ভাৰতৰ সকলোতকৈ ডাঙৰ কাম ধান বিক্ৰী ক্ৰয় কেন্দ্ৰ মুকলি কৰি লাভাম্বিত কৰা বুলি দাবী কৰে।
ৰাজ্য চৰকাৰ আৰু বি টি আৰৰ যৌথ প্ৰচেষ্টাত সমগ্ৰ ৰাজ্যতে কৃষি -মীন আদি সকলো ক্ষেত্ৰতে উন্নয়নৰ ধুমুহা বলিছে বুলি কয় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷

assam btr baksa