/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/334547d9-edd2-4b71-91f7-64d44885413a/nmjnnk.jpg)
ডিজিটেল ডেস্ক: বাক্সাৰ শালবাৰীত চাঞ্চল্যকৰ ঘটনা। ২ মাহ ১০ দিনৰ পিছত গাঁত খান্দি উলিওৱা হ’ল মৃতদেহ। তাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।
১৮ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল লালচান আলী নামৰ লোকজন। ঘটনাৰ বিৱৰণী অনুসৰি লালচনৰ পত্নীৰ সৈতে নাছিল সু সম্পৰ্ক। প্ৰায়েই কাজিয়াত লিপ্ত হৈছিল দুয়ো। যাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃ গৃহতে আছিল লালচনৰ পত্নী।
তাৰ পাছতেই নৰসিংবাৰীৰ শহুৰেকৰত ঘৰলৈ মাতি পঠিওৱা হৈছিল লালচান আলীক। লালচান আহিছিল শহুৰেকৰ ঘৰলৈ। তাৰ পাছত হঠাতে নিৰুদ্দেশ হৈ পৰিছিল লালচান আলী।
লালচান নিৰুদ্দেশৰ পিছতে গোৱৰ্দ্ধন থানাত পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ। সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনা সন্দৰ্ভত সম্ভেদ পাইছিল।
ঘটনা সন্দৰ্ভত চলা তদন্তত আৰক্ষীয়ে জেৰা চলাইছিল পত্নী আৰু খুলশালীয়েকক। আৰক্ষীৰ জেৰাত লালচানক হত্যাৰ কথা স্বীকাৰ কৰে খুলশালীয়েকে। ঘটনা সন্দৰ্ভত ৯ জনক আটক কৰিছে আৰক্ষীয়ে।
Also Read: ''অ' আংকল এতিয়াই আহিব নিদিবাচোন'' উফ! তাৰ খেলা বস্তুবোৰ লৈছেনে সি?