/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/e8566758-dbc1-455d-90a9-07574a58bf6b.jpg)
ডিজিটেল সংবাদ, শালবাৰীঃ অহা ২৩ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন৷ দেওবাৰৰ অন্তিম দিনটোত ৪ সমষ্টিৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ এইবাৰৰ প্ৰক্ষেপিত প্ৰাৰ্থী সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থনত দেওবাৰে আবেলি বাক্সাৰ শালবাৰীৰ বৰটাৰীত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/0936e2a0-bb0b-4d64-a81f-778138e8879b.jpg)
বৰটাৰীৰ স্থানীয় ৰাখল গোঁসাই থান প্ৰাংগণত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উদীয়মান যুৱক জোন কলিতাই৷ অবড়ো নেতা জোন দাস, ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ চক্ৰধৰ দাস,সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চ অসমৰ নেতা গুণজিৎ পাটগিৰি,অঞ্জন তালুকদাৰ আদিয়ে সভাত অংশগ্ৰহণ কৰি বিপিএফ-ইউপিপিএলক তীব্ৰ ভাষাৰে সমালোচনা কৰি জাতি ৰক্ষাৰ স্বাৰ্থত অহা ২৩ এপ্ৰিলৰ নিৰ্বাচনত সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ নিৰ্বাচনী প্ৰতীক চিহ্ন টৰ্চ লাইটৰ ছবিত ভোটদান কৰিবলৈ সকলোকে আহ্বান জনায়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/a6521462-5c16-4b8e-8b76-f975450bc3cd.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us