আলফা (স্বাধীন)ত যোগদান! পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান…

আলফা (স্বাধীন)ত যোগদান! পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান…

author-image
asomiyapratidin
New Update
আলফা (স্বাধীন)ত যোগদান! পুত্ৰক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান…

ডিজিটেল সংবাদ, বৰপেটাৰোড : ৰাজ্যত সক্ৰিয় হৈ পৰিছে নেকি আলফা (স্বাধীন)। পুনৰ আলফালৈ সোঁত বোৱা দেখা গৈছে অসমীয়া যুৱক যুৱতীৰ।

Advertisment

মঙলবাৰে পাঁচগৰাকী যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ লাভৰ পিছতেই জোকাৰণিৰ সৃষ্টি হৈছিল ৰাজ্যৰ গৃহ বিভাগত। সেই পাঁচগৰাকী যুৱকৰ ভিতৰত এগৰাকী হ'ল বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত নিজদকুৱা গাঁওৰ উদ্ধৱ দাস।

যোৱা দেওবাৰে গুৱাহাটীলৈ যাম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে ২৯ বৰ্ষীয় উদ্ধৱ দাস। তাৰ পিছতেই কালি প্ৰশাসনৰ লোকে যুৱক গৰাকীৰ বাসগৃহত এই সংক্ৰান্তত তদন্তৰ বাবে উপস্থিত হয়।তাৰ পিছতেই হুৱাদুৱা লাগে দৰিদ্ৰ পৰিয়ালটোৰ মাজত।

আলফা স্বাধীনত যোগদান কৰা উদ্ধৱ দাসক শীঘ্ৰেই ঘৰলৈ ঘূৰি কাতৰ আহিবলৈ আহ্বান মাতৃৰ। আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো ঘূৰাই পথাবলৈ আহ্বান মাতৃ গৰাকীৰ। ইফালে ক্ষুদ্ৰ দোকান এখনেৰে জীৱন পৰিয়াল পোহপাল দিয়া যুৱকজনে কৰি কাৰনত আলফা স্বাধীনত যোগদান কৰিলে, তাক লৈ অঞ্চলটোত চৰ্চা আৰম্ভ হৈছে।

assam ulfa i